অনুপ অসমীয়াৰ "বৰষুণৰ কবিতা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

অনুপ অসমীয়াৰ "বৰষুণৰ কবিতা"

বৰষুণত ভৰ দি আকাশলৈ চাইছোঁ‌
কথা পাতিছোঁ‌
এ আকাশ
মই বৰষুণ আজি
বাৰিষাৰ ধৰাত
মোৰ দুহাত ভাঙি খহিছে
বিষাদৰ বাৰিষাত
বৰ মনত পৰিছে
উহ ! নাহিবি অ পুৰণি
আৰু এজাক দিয়া
জাক জাক দিয়া
পাৰিলে সিঁ‌চা পাৰিজাত
নেগুৰীয়া বতাহৰ সৈতে
বৰষুণৰ সৈতে
মঁ‌চি দিয়া অতীত
অপমাণ যন্ত্ৰণাক..
- - - - - - - - - - - - -
অনুপ অসমীয়া

No comments:

Post a Comment