পুতেক খনিন্দ্ৰই বৰ্তমান গাওঁৰ ঘৰৰ পৰা আঁতৰত নিজ পৰিয়ালসহ চাকৰিৰ তাগিদাত থাকিবলৈ লৈছে।গাওঁৰ ঘৰত এজনী কামকৰা ছোৱালীৰ লগত বৃদ্ধা মাক থাকে।হঠাৎ মাক অসুস্থ হোৱা বাবে সম্পৰ্কীয় ভায়েক এজনে খনিন্দ্ৰক মাতি পঠিয়ালে।অফিচৰ পৰা আহি খনিন্দ্ৰই ঘৈনীয়েকৰ লগত কথাটো আলোচনা কৰিলে। তেওঁ পিছদিনা গাওঁৰ ঘৰলৈ এমাহমান থকাকৈ যোৱাৰ সিদ্ধান্ত ললে।কিন্তু ঘৈনীয়েকে এই সিদ্ধান্তৰ ঘোৰ প্ৰতিবাদ কৰি গাওঁলৈ যোৱাৰ প্ৰয়োজনীয়তা পোনছাটেই নাকচ কৰিলে।তেতিয়া খনিন্দ্ৰই খংত টিঙিৰা তুলা হৈ কলে যে তুমি যোৱা নোযোৱাতো তোমাৰ কথা,মই জৱৰদস্তি নকৰো,আৰু মই মোৰ সিদ্ধান্ত লৰচৰ নকৰো।,যদি কেতিয়াবা মোৰ প্ৰয়োজন অনুভৱ কৰা তেতিয়াহ'লে গাওঁৰ ঘৰলৈ আহিবা ।ছুটি শেষ হ'লে মই গাওঁৰ ঘৰৰ পৰা অফিচ কৰিম,অন্তত:মা জীয়াই থকালৈকে।
এনেকৈ কৈ খনিন্দ্ৰই মাকৰ শুশ্ৰুষাৰ বাবে গাওঁৰ ঘৰলৈ ঢাপলি মেলিলে।
এনেকৈ কৈ খনিন্দ্ৰই মাকৰ শুশ্ৰুষাৰ বাবে গাওঁৰ ঘৰলৈ ঢাপলি মেলিলে।
শ্ৰীৰমা কান্ত দাস
গুৱাহাটী
9678757802
গুৱাহাটী
9678757802
No comments:
Post a comment