মল্লিকা কলিতাৰ প্ৰবন্ধ "কোন দিশে আমাৰ অসমীয়া ভাষাটো আজি ধাৱমান" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মল্লিকা কলিতাৰ প্ৰবন্ধ "কোন দিশে আমাৰ অসমীয়া ভাষাটো আজি ধাৱমান"

বুৰঞ্জী লেখক এডৱাৰ্ড ব্ৰাউনৰ মতে, ‘একোটা ভাষাৰ মৃত্যু হেনো একোটা জাতিৰ মৃত্যুৰে আগজাননী’। ভাষা হ’ল এখন দেশৰ, এটা জাতিৰ প্ৰাণ তথা পৰিচয়। ভাষা বাদ দি মানৱ জাতিৰ অস্তিত্ব কল্পনা কৰা সপোনৰো অগোচৰ। কবি গ্যেটেই কৈছিল: ‘যি মানুহে নিজৰ মাতৃভাষা ভালকৈ জানিব বা শিকিব নোৱাৰে, তেওঁ আন কোনো ভাষাকে ভালকৈ জানিব বা শিকিব নোৱাৰে’। শিক্ষাৰ মূল লক্ষ্য-উদ্দেশ্য আৰু সেই উদ্দেশ্যক সুদূৰ-প্ৰসাৰী কৰাৰ ক্ষেত্ৰত ভাষাৰ অৱদান অপৰিসীম। সভ্য সমাজত ভাষাই হ’ল মানুহৰ ভাগ্যস্বৰূপ। মানুহৰ সাংস্কৃতিক বিকাশ সম্পূৰ্ণৰূপে ভাষাৰ ওপৰত নিৰ্ভৰশীল। ভাষাই কেবল ভাব প্ৰকাশেই নকৰে, ভাব-চিন্তাৰ জন্মও দিয়ে ভাষাইহে। দাৰ্শনিক লাড্‌উইগ উইটগেনষ্টেইনে(Ludwig Wittgenstein)প্ৰকাশ কৰিছে- ‘My language is my Universe’।

অসমীয়া ভাষা-জ্ঞানৰ মান কিয় দ্ৰুত গতিত তললৈ নামি আহিছে, সেয়াহে বিচাৰ্যৰ বিষয় বৰ্তমান। অসমীয়া ভাষা অনা-অসমীয়াৰ মুখত ভুলকৈ শুনিলে বেয়া নালাগে; কিন্তু অসমীয়াই দহোটা ভুল শব্দৰে, ইংৰাজী, হিন্দী, বাংলা, পাঞ্জাৱী সকলো মিহলাই বাক্য এটা ক’লে বিহ খোৱাৰ আৰু প্ৰয়োজন নহয়। এনে জাতিৰপৰা সৃষ্টিমূলক কাম-কাজ, সাহিত্যকৰ্ম আশা কৰা ভুল। কথিত ভাষাত আজি অজস্ৰ ইংৰাজী শব্দই যেনে-স্কুল, কলেজ, কাপ-প্লেট, বাছ, বেগ আদিয়ে খোপনি পুতি বহি ল’লে। আধুনিক ভোগবাদে জন্ম দিছে বস্তুবাদিতাৰ। সকলোকে ঘৰ লাগে, গাড়ী লাগে, দামী অলংকাৰ-বেংকত মোটা জমা ধনৰাশি, পদমৰ্যদা লাগে। বিলাসবহুল জীৱনৰ প্ৰতি লালায়িত প্ৰায়খিনিয়ে। সৰুৰেপৰা সেয়ে পিতৃ-মাতৃয়ে নিজ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি মোহাচ্ছন্ন কৰায়। প্ৰতিযোগিতাৰ দৌৰত টিকি থাকিবলৈ ইংৰাজী যে মুখ্য তেওঁলোকৰ মানত। একচামৰ ভুল ধাৰণা অসমীয়া শিকিলে কি হ’ব নাইবা অসমীয়া মাধ্যমত পঢ়িলে সন্তানৰ ভৱিষ্যত সুৰক্ষিত নহ’ব। আমি ৰাস্তা ঘাটবোৰ বহলাই গৈ আছোঁ, কিন্তু মনৰ আকাশখন বহলাব পাৰিছোঁনে বাৰু? অভিভাৱকে সন্তানক পৈতৃক গাঁওখনৰ বোকা-মাটি, ধাননি-পথাৰখনৰ নান্দনিক দৃশ্যৰ পৰা আঁতৰাই বিদেশমুখী কৰিছে। সুদূৰ আমেৰিকাৰপৰা আহি নেথন ব্ৰাউন, ব্ৰন্সনে অসমীয়া ভাষা উদ্ধাৰ কৰি বহু কষ্টেৰে আমাৰ মাতৃভাষা আমাক ফিৰাই দিছিল। ফৰাচী, জাপানীসকলে নিজ ভাষা-সংস্কৃতিক লৈয়েই বিশ্বত বিজয়ধ্বজা উৰুৱাইছে।
এটাতকৈ অধিক ভাষা জনাটো নিশ্চয়কৈ দোষৰ বিষয় হ’ব নোৱাৰে। কিন্তু আন ভাষা আয়ত্ব কৰিবলৈ যাওঁতে মাতৃভাষাৰ বিকৃতকৰণ সুস্থ ব্যক্তি মাত্ৰেই বিৰুদ্ধাচৰণ কৰিব। ভাষাক সন্মান কৰিব নোৱাৰিলেও ধ্বংস কৰাৰ অধিকাৰ কাৰো নাই। কোনো অসমীয়াই ভুলকৈ হিন্দী বা ইংৰাজী ভাষা কোৱাটো লজ্জাৰ কথা নহয়, কিন্তু ভুল মাতৃভাষা কোৱাটো অপৰাধ। হোটেলৰ কাৰিকৰ, আলধৰা ল’ৰা, বাছৰ হেন্দিমেন আদিয়ে যেতিয়া ‘ভাত এটা দে’, ‘চাহ দুটা দি যা’ বুলি কয় আমিও অনুৰূপ ধৰণে কিয় ক’বলৈ যাব লাগে? ‘তোমাৰ বাবে ৰখি থাকিলোঁ’, ‘ক’ত যোৱা?’, ‘নগাঁৱত যাওঁ, নলবাৰীত যাওঁ’ বোলাতকৈ শুদ্ধকৈ ইংৰাজী কোৱাই শ্ৰেয়।
মাতৃভাষা অসমীয়াক মহা-প্ৰয়াণৰ দিশে ধাৱমান কৰোৱাৰ অভিযোগত আমি সকলোৱে ক’ম বেছি পৰিমাণে অভিযুক্ত আজি। এফ-এম ৰেডিঅ’, আকাশবাণী কেন্দ্ৰ, বৈদ্যুতিন মাধ্যমৰ ঘোষক-ঘোষিকাই অশুদ্ধ হিন্দী বা বাংলা ভাষা কোৱা শুনিবলৈ আমি কাহানিও নাপাওঁ। দূৰদৰ্শনৰ ব্যক্তিগত অসমীয়া বাতৰি পৰিৱেশন কেন্দ্ৰৰ বাতৰি পঢ়োতাই ৭০% শতাংশই ইংৰাজী শব্দ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। আনকি নামকেইটাও ইংৰাজীতে নামাকৰণ কৰা হৈছে: নিউজ লাইভ, ডি ৱাই ইত্যাদি। অন্ততঃ নিজৰ ভাষাৰ প্ৰতি আনুগত্য ৰাখিব লাগিব। অলপতে অনলাইন অভিধান ‘শব্দ’ৰ মূল ব্যক্তি বিক্ৰম মজিন্দাৰ বৰুৱাৰ এটি সাক্ষাৎকাৰ পঢ়ি জানিবলৈ পাইছিলোঁ যে– মেক্সিক’ত সকলোৱে স্পেনিচ কয়, গতিকে সেই ভাষাটো তাত সকলোৱে বাধ্যতামূলকভাৱে শিকে। তাত তেওঁলোকে ইংৰাজী জানিলেও নকয়, নিজা ভাষাটোহে কয়। আবুধাবি, মালয়েছিয়াতে হওক তেওঁলোকৰ নিজৰ ভাষা নিয়ন্ত্ৰণৰ এখন চৰকাৰী অথ’ৰিটি আছে। আমাৰ অসমীয়া বাতৰিকাকত, দূৰদৰ্শনৰ ব্যক্তিগত বাতৰি প্ৰতিষ্ঠানসমূহে যাৰ যি মন যায় তেনেকৈয়ে লিখে। ভাষাটো শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ সেই দেশবোৰত কিন্তু পুলিচৰ নিচিনাকৈ ভাষা নিয়ন্ত্ৰণৰ এটা বাহিনী থাকে। ছাইনব’ৰ্ডেই হওক নাইবা বাতৰিকাকত কিম্বা দূৰদৰ্শনৰ ঘোষক-ঘোষিকাই হওক, সকলোৰে ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ কৰি থাকে, ভুলটো শুধৰাই দিয়ে।
আৰবীলোকে কেতিয়াও কম্পিউটাৰক কম্পিউটাৰ বুলি নকয়, তেওঁলোকে তাৰ প্ৰতিশব্দ উলিয়াই লৈছে আৰু তাক নিজ ভাষাত ব্যৱহাৰ কৰিছে। ন ন প্ৰযুক্তিবিদ্যা ওলোৱাৰ লগে লগে নিতৌ ন ন শব্দ আমি পাইছোঁহক। কিন্তু আমি আমাৰ ভাষাত সেই শব্দবোৰৰ প্ৰতিশব্দ সৃষ্টি কৰি ব্যৱহাৰ কৰিলেহে অসমীয়া ভাষা আৰু চহকী হ’ব। উদাহৰণস্বৰূপে প্ৰশান্ত মহাসাগৰ, ভূমধ্য সাগৰ, বিদ্যুত, বিজুলীচাকি আদি বহুত ধুনীয়া ধুনীয়া অসমীয়া প্ৰতিশব্দ ওলাইছিল এটা সময়ত। বৰ্তমান আমাৰ ভাষাটোক সবল নেতৃত্বৰে আগবঢ়াই নিবলৈ কোনো অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিবিশেষ নোহোৱাটোৱে কি সূচাইছে আমি চিন্তা কৰিবৰ হ’ল। কোটি টকা খৰছ কৰা হয় ‘সাহিত্য সভা’ৰ নামত। কিন্তু দুৰ্ভাগ্যজনক যে বৰ্তমান সময়ত সেই সভাখন ক্ষমতাৰ ৰাগীত মত্ত এচামৰ আঙুলিৰ ঠাৰতহে নাচে। অসমীয়ালোক কিতাপ পঢ়া লোক। হিউৱেন চাঙে কামৰূপলৈ আহি ৬৪১ খৃষ্টাব্দত এই কথা উনুকিয়াই থৈ গৈছে। কোনো এজন মিছনেৰীয়ে কৈ গৈছিল যে যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ নৈ বৈ থাকিব তেতিয়ালৈকে অসমীয়া ভাষা থাকিবই। পিছে আজি দুদিনমানৰ আগত এখন আগশাৰীৰ বাতৰিকাকতত এখন চিঠিৰ শিৰোনামে আমাক দুখ দিলে কাৰণ পত্ৰলিখকে লিখিছিল ‘এনেকৈ চলি থাকিলে অসমীয়া ভাষা অতি সোনকালে ৰসাতললৈ যাব’। পত্ৰলিখকে নিজেও দুখ নিবেদন কৰিছে এনেদৰে লিখিবলৈ লগা হোৱাত। পত্ৰলিখকৰ এনেদৰে লিখাৰ কাৰণ হ’ল এটি প্ৰবন্ধৰ শিৰোনাম-‘সুপ্ৰিয়াৰ আকাশ চুৱা সপোন’। লেখকজনে ‘চুৱা’ শব্দটোৰে ‘চোৱা’ শব্দটো যাৰ মানে হ’ল স্পৰ্শ কৰা(to touch)বুজাব গৈছিল । কিন্তু চুৱা মানে-‘ৰজস্বলা’, ‘ভাত খাই এৰি থোৱা কাঁহীখন, যেনে চুৱা কাঁহী, সেই এৰেহা পেলোৱা ঠাই যেনে: ‘চুৱা পিতনি’ক বুজায়। ভাষাৰ নগ্নৰূপ সচেতন ব্যক্তি মাত্ৰেই নকৰিব নিশ্চয়কৈ।
১২ ফেব্ৰুৱাৰীত ‘কৰুণাধাৰা’ৰ পঞ্চম প্ৰতিষ্ঠা দিৱসৰ সভাখনত য’ত একেলগে অসমীয়া সাহিত্য কৰ্মৰ বাবে এটা বঁটাও আগবঢ়োৱা হৈছিল সেই মঞ্চৰ বেনাৰখন আছিল ইংৰাজী ভাষাত লিখা। বিশেষকৈ সেই মঞ্চত আছিল ‘কৰুণাধাৰা’ৰ মুখ্য উপদেষ্টা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি আৰু বৰ্তমানে সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত জি এল আগৰৱালা। সাহিত্য সভাৰো দাবী- ৰাজ্যৰ সৰ্বস্তৰত ৰাজ্যিক ভাষা অসমীয়া ব্যৱহাৰ কৰা হওক। যদি এনেধৰণৰ অনুষ্ঠানতে অসমীয়া ভাষা উপেক্ষিত হয়, তেনেহ’লে আৰু দোষাৰোপ কৰিব কাক?

No comments:

Post a Comment