ইনামূল হকৰ গল্প: এগৰাকী পত্নীয়ে আচলতে কি বিচাৰে ? - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ইনামূল হকৰ গল্প: এগৰাকী পত্নীয়ে আচলতে কি বিচাৰে ?

 হৰ্ষবৰ্ধন যুদ্ধত পৰাস্ত হ’ল !
দুহাতত বান্ধি যুদ্ধত জয়ীহোৱা ৰজাৰ ওচৰলৈ লৈ যোৱা হল।
সেই সময়ত চুবুৰীয়া ৰাজ্যৰ বিজয়ী ৰজাজন বৰ আনন্দত আছিল।
তেওঁ হৰ্ষবৰ্ধনৰ ওচৰত এটা প্ৰস্তাৱ ৰাখিলে..
: যদি তুমি মোৰ এটা প্ৰশ্নৰ উত্তৰ দিব পৰা তেতিয়া মই তোমাৰ হেৰোৱা ৰাজ্য পুনৰ ঘুৰাই দিম.. অন্যথা ৰাজ্যতো তুমি নোপোৱাই.. বৰং তুমি গোটেই জীৱন বন্দী হৈ থাকিব লাগিব ..মোৰ ৰাজ্যত.. !
প্ৰশ্নটো হৈছে… ‘এজনী পত্নীয়ে নিজৰ পুৰুষজনৰ পৰা আছলতে কি বিচাৰে’  ?
ইয়াৰ উত্তৰৰ বাবে তোমাক এমাহৰ সময় দিয়া হব।
হৰ্ষবৰ্ধনে বিজয়ী ৰজাৰ প্ৰস্তাৱ মানি ললে..!
তেওঁ বহুতো বেলেগ বেলেগ ঠাইলৈ গৈ বিভিন্নজন বিদুষক, পণ্ডিত, তেওঁৰ ভাল বন্ধু গোটাই লৈ ভিন ভিন নৃত্যাংগনা, বেশ্যা, দাসী, ৰাণী, সাধ্বী মহিলাক লগ কৰিলে ; এই কথা জানিবলৈ, যে –  তেঁওলোকে অৰ্থাৎ মহিলাই আছলতে পুৰুষৰ পৰা কি বিচাৰে ?
কোনোবাজনীয়ে কয় সোণ, কোনোবাই কয় ৰূপ, কোনোবাই কয় হীৰা মুকুতা, কিছুৱে কয় পুত্ৰ বা কণ্যা সন্তান, কিছুৱে কয় সুন্দৰ ঘৰৰে সৈতে পৰিয়াল, কিছুৱে কয় ৰাজপাট, কিছুৱে কয় সন্যাস .. ইত্যাদি.. ইত্যাদি ..!
সেইবোৰ উত্তৰত হৰ্ষবৰ্ধন সন্তুষ্ট নহল !!
মাহ শেষ হবৰ হল !
ইফালে, হৰ্ষবৰ্ধনে সন্তোষজনক উত্তৰ বিচাৰি পোৱা নাই ..!
কোনোবা এজনে তেওঁক কলে যে, দুৰ দেশ এখনত এজনী ডাইনী আছে…  তেওঁৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ থাকে .. গতিকে..,  তেওঁহে এই প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব ..!
হৰ্ষবৰ্ধনে নিজৰ বন্ধু ‘সিদ্ধিৰাজ’ক লৈ ডাইনীৰ ওচৰলৈ গল…  আৰু প্ৰশ্নটো তেওঁক সুধিলে . !
ডাইনীয়ে হৰ্ষবৰ্ধনলৈ চাই কলে –  “মই এই প্ৰশ্নটোৰ সঠিক উত্তৰ দিম, যদিহে আপোনাৰ বন্ধুয়ে মোৰ সৈতে বিবাহ হবলৈ ৰাজী হয়”।
ডাইনীজনী দেখিবলৈ আছিল বুঢ়ী আৰু এটা দাঁত বাহিৰলৈ ওলোৱা একেবাৰে কুৎসিত।
হৰ্ষবৰ্ধনে নিজ বন্ধুৰ অন্যায় হোৱাতো নিবিচাৰিলে।
“সিদ্ধিৰাজ”য়ে কিন্তু নিজৰ প্ৰিয় বন্ধু, নিজ দেশৰ ৰজাক বচাবলৈ ডাইনীৰ সৈতে বিয়া হবলৈ ৰাজী হল আৰু দুয়োৰে বিবাহ সম্পন্ন হল।
তেতিয়া ডাইনীয়ে কলে –
“পত্নী সকলে নিজেই নিৰ্ণয় লবলৈ আত্মনিৰ্ভৰশীল হব বিচাৰে”।
উত্তৰটো হৰ্ষবৰ্ধনৰো অলপ ভাল লাগিল। সেই উত্তৰটোকে বিজয়ী ৰজাজনক শুনালে।
বিজয়ী ৰজাজনেও উত্তৰটো মানি ললে আৰু হৰ্ষবৰ্ধনৰ ৰাজ্য ওভোতাই দিলে।
ইফালে –
ডাইনীৰ সৈতে “সিদ্ধিৰাজ”ৰ মধু যামিনীৰ দিনাখন…  ডাইনীয়ে পতিক কলে –
“তোমাৰ হৃদয় বৰ পবিত্ৰ। তুমি বন্ধুক বচাবলৈ নিজকে ত্যাগ কৰিলা। সেয়েহে, তোমাক এটা কথা সুধিব বিচাৰিছোঁ। মই দিনৰ ১২ ঘন্টা কুৎসিত হৈ থাকো আৰু ১২ ঘন্টা সুন্দৰী হৈ থাকো। তুমি এতিয়া কোৱা, মোৰ কোনটো ৰূপ তুমি বেছিকৈ পচন্দ কৰিবা?”
সিদ্ধিৰাজ”য়ে কলে – “প্ৰিয়ে, সেই নিৰ্ণয়টো তুমিয়েই কৰা। মই তোমাক মোৰ পত্নী হিচাপে স্বীকাৰ কৰিছোঁ। সেয়েহে তোমাৰ সকলোবোৰ ৰূপেই মোৰ পচন্দৰ হব” ।
ডাইনীয়ে এই কথা শুনি ৰূপৱতী হৈ পৰিল… আৰু.. কলে, তুমি সিদ্ধান্ত লবলৈ মোৰ ওপৰত এৰি দিলা… সেয়েহে এতিয়াৰে পৰা মই সদায় সুন্দৰী হৈ থাকিম ..! আছলতে এয়াহে মোৰ প্ৰকৃত ৰূপ।
কুৎসিত বুঢ়ীৰ ৰূপ লৈ আছিলোঁ মই এই পৃথিৱীৰ দশোদিশে থকা কুৎসিত চৰিত্ৰৰ মানুহবোৰৰ বাবে।
অৰ্থাৎ,
সমাজ ব্যৱস্থাই মহিলাক পৰতন্ত্ৰ কৰি পেলাইছে…  কিন্তু মানসিক ভাৱে কোনো মহিলাই  পৰতন্ত্ৰ স্বীকাৰ নকৰে ..!!
সেয়েহে, যিবোৰ লোকে নিজৰ পত্নীক ঘৰৰ মুৰব্বী কৰি ৰাখিছে…  সচৰাচৰ সেইবোৰ গৃহতহে বেছিকৈ সুখ দেখা যায় ..!
আমি নিজৰ পত্নীক ঘৰৰ মুৰব্বী নকৰিব পাৰোঁ .. কিন্তু তেওঁৰ জীৱনৰ কমেও আধা অংশ মুকলি কৰি দিয়া উচিত…  যি আধা অংশৰ  সিদ্ধান্তবোৰ তেওঁ মুকলিমুৰীয়াকৈ নিজেই লব পাৰে ..!!

No comments:

Post a Comment