নীলিমা বৰাৰ গল্প: ৰেৱতী পাগলী - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

নীলিমা বৰাৰ গল্প: ৰেৱতী পাগলী

     
 ক'তো একো কাম বিচাৰি নাপাই হতাশ হৈ বহি থকা বসন্তক মাক ৰেৱতীয়ে বাগিছাখনৰ মহৰীজনক কৈ দুসপ্তাহৰ আগতে ফাল্টু লেবাৰৰ কামএটা ধৰাই দিছে ৷ সেয়ে মাক পুতেক দুইটাৰে মনটো অলপ ভাল, যি হওক ঘৰখন চলিব পাৰিব ৷ বসন্তই মাকৰ কথা বৰ চিন্তা কৰে; সি কামৰ পৰা চিধা ঘৰলৈ আহি বেমাৰী মাকক ৰন্ধা কামত সহায় কৰি দিয়ে ৷ সেইদিনা সি বহুত দেৰিকৈ ঘৰলৈ নহাত মাক ৰেৱতীৰ চিন্তা লাগিল ৷  তাৰ মুখতে লগৰ মানুহবোৰে  বৰ মদ খায় বুলি শুনিছিল ৷
সি আহিয়ে মাকক একো মাতবোল নকৰি চিধা বিচনাখনত বাগৰি দিলে ৷ তাই আনিবলৈ কৈ পথোৱা দৰব কেইটাও আনিছেনে নাই সি একো নকলে ৷ সোমাই আহোতে পুতেকৰ মুখত বেয়া গোন্ধ এটা পাই তাইৰ বৰ খং উঠিল ৷ সেয়ে তাইও একো নোখোৱাকৈ শুই থাকিল ৷
দুপৰ ৰাতি পুতেকে  হুৰাহুৰে বমি কৰা শুনি উঠি আহি দেখে সি দেখোন একেবাৰে তেজ বমি কৰি অৱস হৈ পৰিছে..
“সোণ তোৰ কি হৈছে..” বুলি সাৱটমাৰি তাৰ মূৰটো ডাঙি ধৰোতে তাই  দেখিলে সি দেখোন একো নকয়, নামাতে !!
একে জাপে তাই  ৰাস্তাৰ ফালে ওলাই চিঞৰি চিঞৰি মানুহ মাতিবলৈ ধৰিলে...
তেনেতে তাই দেখিলে তাইৰ ঘৰৰকাষেৰে জুমুঠিৰ জুইৰ পোহৰত  মৰাশ এটা লৈ মানুহৰ জোম এটা আহি আছে, তাৰে কোনোবা এজনে ডাঙৰ ডাঙৰ কৈ গৈ আছে  সেই চুলাই ঘাটিত মদ খোৱা সৱবোৰ তেজ বমিকৰি মৰিব...
ৰেৱতীয়ে কথাষাৰ শুনি ভাবিলে, তেনে বসন্তৰ কি হৈছে ..? তাই ঠাইতে মূৰ্চ্ছা গ'ল, কোনে কেতিয়া বসন্তক ঘৰৰ পৰা ওলিয়াই নিলে...ক'লৈ নিলে তাই একো গম নাপালে ৷
আজিও তাই পদুলিত দিনে নিশাই বোবাৰ দৰে ৰৈ থাকে, ঘৰৰ কাষেৰে মানুহ পাৰ হৈ গ'লে সোধে-
“আমাৰ বসন্তক বাটত দেখিছিলা নেকি? লগ পালে কৈ দিবাচোন মোৰ দৰৱ কেইটা লৈ আহিবলৈ......”
  এতিয়া নাম তাইৰ ৰেৱতী পাগলী ..!

No comments:

Post a comment