অৰূপা পটংগীয়া কলিতাৰ উপন্যাসত নাৰীবাদী চিন্তা ৰ এটি চমু আলোকপাত - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

অৰূপা পটংগীয়া কলিতাৰ উপন্যাসত নাৰীবাদী চিন্তা ৰ এটি চমু আলোকপাত

         
Writer Sarjina
        সপ্তদশ  আৰু অ ষটাদশ শতিকাৰ পৰা  ইউৰোপত  নাৰীবাদী চিন্তা ই  গা  কৰি উঠিছিল । তাৰ পৰৱৰ্তী  পৰ য়াযত   বিকশিত হৈ আহি  সাম্প্ৰতিক কালত সমগ্ৰ বিশ্বতে নাৰীবাদে  আলোড়ন সৃষ্টি কৰিছে । নাৰী আৰু পুৰুষ সম অধিকাৰ ভিওত প্ৰতিঠিত হোৱা এই আন্দোলনে আমেৰিকা , গ্ৰেট বিটেইন , ফানস আদি দেশ সমূহক প্ৰভাবিত  কৰিছে । দাৰশনিক জন ল'কৰ ছেকেনড টীটিজ অৱ গভমেনট (১৬৮৯)(second Treatise of Greverment )আৰু  দাৰশনিক কডচেৰই এডমিছন অৱ উইমিন টু ফুল চিটি জেন শিপ (১৭৯০) ; ইংৰাজ কবি শে‌লীৰ শাহুৱেক মেৰী উলষটোন  এনাফটাৰ  'এ  ভিনডিকেচন অৱ দা ৰাইটছ অৱমেন ' (A vindication of the Right of women )ইত্যাদি নাৰী বাদ  বিষয়ৰ গ্ৰনহ । প্ৰাচীন কালৰ সাম বাদী সমাজৰ পৰা সাম্প্ৰতিক কালৰ সমাজত  নাৰী   কেনে হোৱা উচিত তাক কালমাক ৰ  সহযোগী  এংগেলছে 'অৰজিন অৱ দি ফেমেলি প্ৰাইভেট এনড দা  টেইট '(১৮৮৪)(০rgion of family private property and the state ) গ্ৰনহ খনত প্ৰকাশ কৰিছে ।                       ভাৰত বষত বিটিছ শাসন কালত পাশ্চাত্যৰ প্ৰভাৱত নাৰী মংগল ,নাৰীমুক্তিৰ  চেতনা সমাজত উদেক হৈছিল ।পাশ্চাত্যৰ উদাৰনৈতিক আদশ গ্ৰহণ কৰা কেইজনমান ভাৰতীয় সমাজ সংস্কাৰৰ , ৰাজনৈতিক নেতাই বিটিছ শাসকৰ চেষ্টা  মহিলা শিক্ষা প্ৰচলন , বা‌‌ল বিবাহ দূৰীকৰণ ,সতীদাহ প্ৰথা নিবাৰণ , বিধবা বিবাহ প্ৰচলন আদি নাৰী মংগল বাবে সংস্কাৰ মূলক আনদোলন আৰম্ভ কৰিছিল ।                                      ভাৰতীয় মহিলাই নাৰী চেতনা দাৰা উদবুদ্ধ হৈয়েই    ১৯১৭চনত উইমিন্ছ ইনডিয়ান এছোচিয়ন (woman's Indian  Association conference )গঠন কৰি ছিল । অসমত  ১৯২৬চনত চন্দ্ৰ প্ৰভা শইকীয়ানী নেতৃত্বত 'অসম মহিলা সমিতি 'গঢ় লৈ উঠিছিল ।                                  অসমীয়া উপন্যাস সাহিত্য জগতত সাম্প্ৰতিক  কালৰ মহিলা ঔপ নাসিক সকলৰ  ভিতৰত  অৰূপা পটংগীয়া  কলিতা  অন্যতম ।'মৃগনাভি' (১৯৮৭)  ,  'অয়নান্ত '(১৯৭৪)   ,  'মিলেনিয়ামৰ সপোন ' '(২০০২)      মৰুভূমি মেনকা আৰু অন্যান্য , কাইটত কেতেকী , ৰঙা মাটিৰ  পাহাৰটো ইত্যাদি উপন্যাস প্ৰকাশিত হৈছে । আনহাতে অণূদিত উপন্যাস  সমূহেও সাহিত্য ৰাজিক সমৃদ্ধিশালী কৰি তুলিছে ।তেওঁ সুপৰিকলিপত  ভাৱে নাৰীৰ মুকতি আৰু সম অধিকাৰ উদেশ্য আগত ৰাখি উপন্যাসৰ নিটোল কাহিনী পৰিৱেশন কৰে । অৰূপা পটংগীয়া কলিতাক সাহিত্য ৰাজি বাবে ভাৰতীয় ভাষা পৰিষদ বটা , প্ৰবীনা শইকীয়া বটা আদি সন্মানেৰে সন্মানিত  হৈছে । তাৰোপৰি  মাৰিয়াম আষিটন অথবা হীৰা বৰুৱা নামৰ  চুটি গল্পৰ বাবে    ২০১৪   চনত সাহিত্য  অকাডেমি বটা লাভ কৰে।                       



   ঔপনাসিক  গৰাকী  প্ৰথম প্ৰচেষ্টা মৃগনাভি অসমীয়া  উপন্যাস  সাহিত্য ইতিহাসত এখন উন্নত আৰু সুখপাঠ্য ৰচনা । উপন্যাস খনত সোণতৰা নামৰ নায়িকা গৰাকীৰ মানসিকতাৰ পৰিচয় পোৱা য়ায় ।স নধিয়া       ছা -পোহৰত ফুলা সোন বৰণীয়া জিকা ফুল দৰে গোপনে বুকুত আলফুলীয়া সপোনৰ বাহ  সজা  সোনতৰাই  শৰীৰ সবশ্ব  , ৰঙুচুৱা , বগা শকত , মাতাল , শান্তণু  চলিহাক হেৰুৱাইছিল সোণতৰাই ।কবিতা -গান -ছবি ভালপোৱা  সোণতৰাই  লগ  পাইছিল সহকৰ্মী বৰুৱাক ।শান্তণু চলিহাক  পৰিয়ালে সোনতৰা , সোণমণি বৰুৱাৰ সান্নিধ্যত লাভ কৰা জীৱনৰ আন্দনক ধূলিসাৎ  কৰিবলৈ ওলাই ছিল । সোণ মনিক মাকৰ কাষৰ পৰা আতৰাই নি সোণতৰা কৰি তুলিছে মানসিক ৰোগী।                           উপন্যাস শেষত ডাঃ যোছেফ, বৰুৱা আৰু সোণমণি আন্তৰিক তৎপৰতাত সোণতৰা আৰোগ হৈছিল । সহকৰ্মী বৰুৱা সোণতৰাই সোণমণিৰ সমথনত একাত্ম হ'বলৈ  আগবাঢ়ি  গৈছে । গভীৰ মননশীলতাৰে ঔপনাসিক গৰাকীয়ে মানৱৰ জীৱনবোধ ,বৈধব্য নাৰীমুক্ত ,নাৰীৰ মংগল ,নাৰী চেতনা পাঠক সমাজৰ আগত বননা কৰিছে। ।                                                              'মৃগনাভি' ত  ভাষাই বিষয়বস্তুক মহত্ত্ব প্ৰদানত অন্যতম ভূমিকা গ্ৰহণ কৰিছে । ব নজঞনাময় ভাষা প্ৰয়োগে লগতে কাব্যিকতাই উপন্যাস খনৰ কাহিনীক মাজে মাজে চিএকলপধমী কৰি তুলিছে । এগৰাকী  নাৰীৰ জীৱনৰ বিকাশ আৰু সমাজৰ বান্ধোনে জীৱন শিথিল কৰিব খোজা মানসিকতাৰ প্ৰতিচছবি গভীৰ মমতাৰে পৰিচয় দিঙি ধৰিছে ।                                            'অয়নান্ত '       নাৰী কেনদিক     উপন্যাস  হিচাপে নাৰীৰ চিন্তা -চেতনাৰ  নতুন  উপ  লবধি ৰ শেএত বিষয়বস্তুৱে তীব্ৰতা  লাভ কৰিছে । নাৰী  মনৰ ভাৱ আদশক  দুটা প্ৰজন্মত প্ৰতিফলিত হৈছে । এটা প্ৰজন্ম সাম্প্ৰতিক সমাজখনৰ পৰিচয় দাঙি ধৰিছে আৰু আনটো প্ৰজন্ম ই পৰম্পৰাত সমাজ খনৰ  বান্ধ নক মষিমূৰ কৰিছে । ঔপনাসিক গৰাকীয়ে  গভীৰ  অধ্যয়ন পুষ্ট তাৰে বীনাপাণী চৰিএটোৰ জৰিয়তে প্ৰতিবাদী চিন্তা আৰু নাৰীৰ মমবেদনা  সহদয়তাৰে চিএত কৰিছে । থাপনাৰ কাপোৰ দাঙি ভগৱানক বিচৰা সময়ত বীনাৰ কথন ভংগীৰ মাজেৰে এটা প্ৰতীবাদী সুৰ শুনা য়ায় "ককা মই গামোচা দাঙি থাপনা চাই আহিলো , তাত দেখোন একো নাই ,প ইতা চুৰণি দুটা হে সোমাই আছিল ।"              সামাজিক পৰিৱেশ ৰ পটভূমিত ওপনাসিকা  গৰাকীয়ে বীণাপাণীৰ  চৰিত্ৰটো অংকন  কৰিছে । ভাৰতবষত  বিশ্বযুদ্ধৰপূ`ণ প্ৰস্তুতি , নীতিৰ প্ৰশনত আপোচহীন ইন্দ্ৰ গোসাঁইৰ দৰে সংস্কাৰ কামী ,মহাননদ বৰুৱা , যতীন বৰুৱাক দৰে শ্বাধীনতা যুজাৰু সকল ,জনছন আদিৰ দৰে জাতীয় জীৱনৰ এতিহৎ উদ্ধাৰ  কৰিব বিচৰা মিছনেৰী সকল, পৰম্পৰা ত বিশ্বাসী আইতা ইত্যাদি বিভিন্ন চৰিএই উপন্যাসৰ সামাজিক দৃশ্য সমূহ দাঙি ঔপনাসিকা  গৰাকী সফল হৈছে ।                                                   ঔপনাসিকা গৰাকীয়ে  চিৰাচৰিত মূল্য বোধৰ  জৰিয়তে গঢ় লৈ উঠা সমাজখনৰ ভাবধাৰাক প্ৰতিফলিত কৰিব লৈ প্ৰয়াস কৰিছে । আইতা  চৰিএটো মুখৰ সংলাপৰ জৰিয়তে তাৰ আভাস পাব পাৰি-"আমি তিৰোতা মানুহে কি কাম নিজৰ হেপাঁহ মতে কৰিব পাৰোঁ , "তিৰীজনম লৈ কিহৰ ইমান তেজ " মাজনী জুই দেখিলে  নিজে আতৰি আহিবি । জুই লৈ খেলিবলৈ মন নেমেলিবি ।তিৰী জনম লৈছ, জুই এনে য়ে আগুৰি থাকে , "শ্বামীয়ে ই তিৰীৰ  সকলো , শ্বামী ন'হলে তিৰীৰ একো নাথাকে "আদি বাক্যই মনুসমৃতিয়ে আৱৰি ৰখা পৰম্পৰাত ভাৰতীয় সমাজখনৰে শ্বৰূপ দাঙি ধৰে ।বীণা পীণী সজীৱ  কেন্দ্ৰিয় আৰু প্ৰাপ্তি-অপ্ৰাপ্তিৰ  চৰিত্ৰ ।তাই প্ৰতিটো কামতে অণুসনধিৎসুক      মনৰ উমান পোৱা  য়ায়।বীনাই বিদোহ কৰিব পাৰে অথচ সমাজৰ প্ৰচলিত ৰীতি -নিয়ম উলংঘন কৰি পৃথক হৈ ওলাই আহিবলৈ সাহস কৰিব নোৱাৰে।           গভীৰ অধ্যয়ন পুষ্ট তা  ঔপনাসিকা গৰাকীয়ে অয়নাণতক  এক সুখপাঠ্য  উপন্যাস হিচাপে ৰূপান্তৰিত কৰিছে ।উপন্যাস খনত ভাষাই আকষণীয়তা প্ৰদান কৰি ছে ।ঊনবিংশ শতিকাৰ অসমীয়া সমাজ খনত মহাসমৰ ,অসমীয়া ভাষাৰ প্ৰথম চিনেমা ,সৌ যে উৰিছে শ্বৰাজৰনিচান ইত্যাদি প্ৰসংগই উপন্যাস বিসংগতি সৃষ্টি কৰি সমাজিক পটভূমিক খোলোক -ঢ়োলোক কৰিছে ।আনহাতে উপন্যাস খনত মিশ্ৰিত হৈ থকা বহুতো প্ৰতিভাক নাইকিয়া কৰি পেলাইছে । এই উপন্যাস কেইখনৰ জৰিয়তেই অৰূপা পটংগীয়া কলিতা ই এক নতুন যুগৰ সূচনা কৰিছে।                   

                                চাৰজিনা চহৰীয়া 
                                মংগলদৈ 

No comments:

Post a Comment