খবৰ - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

খবৰ

         আকাংক্ষিতই  হওক বা অনাকাংক্ষিতই হওক খবৰ খবৰেই !!! কেতিয়াবা পাৰ ভঙা আনন্দৰ জোৱাৰ তোলে , কেতিয়াবা বিষাদৰ ধল বোৱাই ----- ।
      এনে এটা খবৰে আজি মনিষাৰ মনত বিষাদৰ ধল বোৱাইছে। সদায় হাঁহি -
মাতি ,ফুৰ্তি কৰি থকা ছোৱালী জনীৰ মুখখন আজি গোমা । হঠাৎ কলীয়া ডাৱৰে আকাশ খন চানি ধৰাৰ দৰেই---- ।
         মুখ খন দেখিলেই অনুমান কৰিব পাৰি , তাই যে মানসিক ভাৱে সম্পূৰ্ণ বিধ্বস্ত  আজি । মুখ খন দেখিলেই ক'ব পাৰি, প্ৰচণ্ড  খং, দুখ আৰু ক্ষোভত তাইৰ অন্তৰ খন দগ্ধ আজি । ডেউকা ভঙা পক্ষীৰ দৰেই হৈ পৰিল তাই ---- ।
         নহ'বনো কিয়???
         শৈশৱ, কৈশোৰ আৰু যৌৱনৰ আধা সময় মানস আৰু মনিষাই  একেলগেই পাৰ কৰিছে । প্ৰায় পঁচিশ টা বসন্ত সিহঁতে একেলগেই অতিবাহিত কৰিছে । একেটা চুবুৰিতে, একেখন চহৰতে ,একেই বায়ু, পানী খাই সিহঁত ডাঙৰ হৈছে ।
         শৈশৱত ধূলি - বালি , দৰা - কইনা খেলাৰ লগৰী , কৈশোৰত স্কুললৈ একেলগে অহা - যোৱা কৰাৰ পৰা , সকলো সময়তে ইটোৰ সিটো নিৰ্ভৰযোগ্য সংগী , অন্তৰংগ বন্ধু , সকলো কথাই শ্বেয়াৰ কৰে দুয়োটাই । সেই বন্ধুত্বই বাগৰ সলাই যৌৱনত প্ৰেম , ভালকোৱালৈ ৰূপান্তৰ হৈছিল -----।
         চুবুৰিৰ সৰুৰ পৰা ডাঙৰলৈ , ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৱেই জানে সিহঁতৰ সম্পৰ্কৰ কথা , সিহঁতৰ প্ৰেমৰ কথা ।
          পঢ়া -শুনা শেষ হোৱাৰ পাছত চাকৰিৰ সন্ধানত দুয়ো একেলগেই ঘূৰা-ঘূৰি কৰিছি । বহুত এপলিকেচন দিলে , বহুত এডভাৰটাইজ ফল্ কৰিলে। হাৰি গৈছিল সিহঁত, অৱশেষত এটা চাকৰিৰ যোগাৰ হ'লগৈ মানসৰ ---- ।
          মানসৰ চাকৰি হ'ল , অসমৰ বাহিৰত। দিল্লীৰ এটা ডাঙৰ কোম্পানীত । খবৰটো সি নিজেই দিলেহি মনিষাহঁতৰ  ঘৰত, মনিষাৰ মাক - দেউতাক আৰু ভায়েকৰ সন্মুখত । চাকৰি হ'ল যেতিয়া কিছুদিনৰ পাছত সি মনিষাক বিয়া কৰাই  দিল্লীলৈ লৈ যাবহি , সেই কথাও সকলোৰে আগত ব্যক্ত কৰিলে সি ।
          মানস দিল্লীলৈ গ'লগৈ , চাকৰিত জইন কৰিলে । মনিষাইও ওচৰতে প্ৰাইভেট স্কুল  এখনত চাকৰি এটা যোগাৰ কৰি ল'লে ।দৰমহা  যিমানেই নাপাওক ব্যস্ত থাকিবৰ বাবেই চাকৰিটো বিচাৰি ল'লে তাই ।
          প্ৰথম অৱস্থাত মানসে ৰাতিপুৱা এবাৰ , গধূলি এবাৰ কেতিয়াবা তাৰ মাজতো এবাৰ মনিষালৈ ফোন কৰিছিল । কথাই কথাই সি মনিষাক কৈছিল--------
          " আই মিচ্ ইউ মনি" মনিষাইও তাক বুজনিৰ সুৰত কৈছিল, "ধেত , আৰুনো কিমান দিন??? কিছুদিনৰ পিছততো আমি দুয়ো  একেলগেই থাকিম"....... ।
           লাহে লাহে  মানসৰ ফোন কল সেৰেঙা  হৈ আহিল । কেতিয়াবা দিনটোত এবাৰ , কেতিয়াবা দুই তিনি দিনৰ মূৰত এবাৰ ফোন আহিবলৈ ধৰিলে ।
           মনিষাৰ খং উঠে , খঙতে তালৈ ফোন কৰে ----
          :: " তোমাৰ ইমান সময় নাইনে , মোলৈ ফোন এটা কৰিবলৈ।"
          উত্তৰত সি কয় ----- :: বহুত ব্যস্ত  মনি , কোম্পানীৰ চাকৰি য'ত দহ হাজাৰ টকা ইনকাম হ'লেহে এহেজাৰ টকা দৰমহা দিয়ে। বহুত কষ্ট , বহুত ব্যস্ত ----
         :: হ'ব দিয়া তেনেহ'লে , মই বেয়া নাপাও , সময় উলিয়াই মাজে মাজে ফোন এটা কৰিবা মোৰো চিন্তা হৈ থাকে নহয় -----    মনিয়ে কয়।
          :: উম , হ'ব বাৰু কৰিম।
           ::  টেক্ কেয়াৰ্ , বাই -----
              ::  বাই
         
                 মনিষাৰ মনটো বহু সময়লৈকে ভাল লাগি থাকে , মানসৰ ফোনটো পোৱাৰ পাছত ।
                আজি ফোনটো মানসে নিজেই কৰিলে। ৰিং হৈ থকা ফোনটো হাতত লৈ  " মানস " দেখি তাইৰ মনটো ভাল লাগি গ'ল । আনন্দত আকাশ খন ঢুকি পোৱাৰ দৰেই লাগিল তাইৰ -----
             :: "হেল্ল , মানস , কোৱা , কেনে আছা  ভালনে?" তাই মানসৰ উত্তৰলৈ অপেক্ষা নকৰি এফালৰ পৰা সুধি গ'ল।
           :: ভাল , ভাল মনি ,  তোমাৰ ভালনে?
          :: উম , ভাল ----  কোৱা ----
          :: বিশেষ এটা কথা জনাবৰ বাবেহে ফোন কৰিলোঁ ।
           ::  কোৱ কি কথা ?? তাই ভাবিলে মানসে নিশ্চয়  ঘৰলৈ অহাৰ কথা ক'ব , আহিয়েই সিহঁতৰ বিয়াৰ দিন ধাৰ্য্য কৰিব। তাৰ পাছত সিহঁতৰ বিয়া ,তাৰ পাছত দিল্লীত দুয়োটা একেলগে ----
          একে সময়তে বহুত কথাই ভাবি পেলালে তাই ।
          :: আই এম চৰি মনি , মোৰ উপায় নাই , মোৰ লগৰ সুস্মিতাক আজি কোৰ্ট মেৰেজ কৰিলোঁ । বেয়া নাপাবা । মই নিৰুপায় ।বন্ধু  বুলি ক্ষমা কৰি দিবা ।
          মনিষাই  কথাখিনি আধা শুনাকৈয়ে ফোনটো কাটি দিলে । ধৈৰ্য্যৰ বান্ধ ছিঙি গ'ল তাইৰ । তাইৰ সকলো আশা আকাংক্ষা ধূলিস্যাৎ হৈ গ'ল । মানসৰ ফোন কল এটাৰ বাবে তাই সদায় অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে । সেই অপেক্ষাৰ আজি অন্ত পৰিল। তাই কি কৰিব , কিনকৰিব হৈ কাষৰ বিচনা খনতে বহি পৰিল । প্ৰচণ্ড খং , দুখ আৰু ক্ষোভত তাইৰ মুখ খন পকা আঙঠাৰ দৰে ৰঙা হৈ পৰিল -----  ।


           পৰিমিতা গোস্বামী
      শিলনীজান , কাৰ্বি আংলং

No comments:

Post a Comment