ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা পৰাগ শৰ্মা আৰু নাই, মঞ্চ জোকাৰি যোৱা,নাট্যপ্রেমীৰ হৃদয়ত কপনি তোলা সেই গলগলীয়া কণ্ঠস্বৰৰ সংলাপবিলাক যেন হেৰাই থাকিল । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা পৰাগ শৰ্মা আৰু নাই, মঞ্চ জোকাৰি যোৱা,নাট্যপ্রেমীৰ হৃদয়ত কপনি তোলা সেই গলগলীয়া কণ্ঠস্বৰৰ সংলাপবিলাক যেন হেৰাই থাকিল ।

মঞ্চ জোকাৰি যোৱা,নাট্যপ্রেমীৰ হৃদয়ত কপনি তোলা সেই গলগলীয়া কণ্ঠস্বৰৰ সংলাপবিলাক যেন হেৰাই থাকিল । ঐ ৰাধা এবাৰ হাঁহি দে না বুলি কবলৈ আমাৰ মাজত আৰু নাই সৰ্বজনৰ প্রিয় অভিনেতা,মৰমৰ পৰাগ দা । কবলৈ ভাষা নাই । বাকৰুদ্ধ হৈ পৰিছো । অসমৰ লক্ষ লক্ষ জনতাক কন্দুৱাই,সাংস্কৃতিক জগতক শোকসাগৰত পেলাই থৈ চিৰদিনৰ বাবে অজান মুলুকলৈ গুচি গল ভ্রাম্যমাণৰ দুৰ্দান্ত অভিনেতা পৰাগ শৰ্মা । যোৱা কালি এক সংকটজনক অৱস্থাত নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰা পাছতে যোৱা নিশা ২ বাজি ৮ মিনিটত নেমকেয়াৰ হস্পিটেলৰ ICU ত শেষ নিশ্বাস ত্যাগ কৰে ভ্রাম্যমাণৰ বলিষ্ঠ অভিনেতাগৰাকীয়ে । দীৰ্ঘদিন ধৰি জণ্ডিচ আৰু লিভাৰৰ সমস্যাত ভুগি থকা অভিনেতাগৰাকীৰ এই অকাল বিয়োগত আমি মৰ্মাহত হৈ পৰিছো । এই মৃত্যুত অসমৰ থলুৱা উদ্যোগ ভ্রাম্যমাণ নাট্যজগতৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি । তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।
অপূৰ্ব

No comments:

Post a Comment