দুখৰ হুমুনিয়াহ কাঢ়ি
বেদনাৰ মলয়া নবলাবা
সুকোমল পাঁহিবোৰ সৰি পৰিব,
নাঙঠ কাঁইটবোৰে হৃদয় বিন্ধি
ৰক্তাক্ত কৰিব উদাৰ হিয়া।
শোণিতেৰে লিখিব লাগিব যন্ত্ৰণাৰ কবিতা।
কলিজাত কাঁইটৰ আঁচোৰ
উপলব্ধিত শিহৰিত শৰীৰ।
মৰমবোৰ নীলা হ'ব,
অসহনীয় বিষত।
সুমন্ত্ৰৰ আকাশবাণী হ'ব,
আহ্বান আহিব নৱপণৰ।
হাতে হাত ধৰি বঠা বাম
সুখৰ জীৱন নদীত।
শান্তিৰ নৈত সাঁতুৰি ধুই যন্ত্ৰণাবোৰ,
সুবিমল আনন্দত আত্মহাৰা।
জনমে জনমে সুগন্ধি বিলায়
হৃদয়ত ফুলি থাকিবা গোলাপ হৈ।
এইজগতত নজিৰ হ'ব
জীৱনৰ অকৃত্ৰিম প্ৰেমৰ মিলনগাঁথা।
শ্ৰীৰমা কান্ত দাস
হাতীগড় চাৰিআলি, ঘৰৰনং-৩১,
গুৱাহাটী,কামৰূপ(মেট্ৰ')
9678757802
বেদনাৰ মলয়া নবলাবা
সুকোমল পাঁহিবোৰ সৰি পৰিব,
নাঙঠ কাঁইটবোৰে হৃদয় বিন্ধি
ৰক্তাক্ত কৰিব উদাৰ হিয়া।
শোণিতেৰে লিখিব লাগিব যন্ত্ৰণাৰ কবিতা।
কলিজাত কাঁইটৰ আঁচোৰ
উপলব্ধিত শিহৰিত শৰীৰ।
মৰমবোৰ নীলা হ'ব,
অসহনীয় বিষত।
সুমন্ত্ৰৰ আকাশবাণী হ'ব,
আহ্বান আহিব নৱপণৰ।
হাতে হাত ধৰি বঠা বাম
সুখৰ জীৱন নদীত।
শান্তিৰ নৈত সাঁতুৰি ধুই যন্ত্ৰণাবোৰ,
সুবিমল আনন্দত আত্মহাৰা।
জনমে জনমে সুগন্ধি বিলায়
হৃদয়ত ফুলি থাকিবা গোলাপ হৈ।
এইজগতত নজিৰ হ'ব
জীৱনৰ অকৃত্ৰিম প্ৰেমৰ মিলনগাঁথা।
শ্ৰীৰমা কান্ত দাস
হাতীগড় চাৰিআলি, ঘৰৰনং-৩১,
গুৱাহাটী,কামৰূপ(মেট্ৰ')
9678757802
No comments:
Post a comment