(পাৰ্থবিজয় দত্তৰ অকাল বিয়োগত এটোপাল অশ্ৰু অঞ্জলি )
নাবিকৰ জাহাজ দেখিয়েই
উধাতু খাই দৌৰিলা নেকি
সাগৰৰ পাৰত হে আকাশলে মূৰ তুলি আছিলা
কেতিয়ানো পাতিলা সাগৰৰ সতে ইমান কথা
পৃথিৱীৰ কাঁইটে চুচুৰ্মৈ কৰা দেহাত
মলম সানিবলৈকে দৌৰিছিলা চাগে
সাগৰ এতিয়া অশান্ত
সামৰি ল'বলৈনো লাগে কতনা পৰ
মহানাবিকৰ নাঁৱে দুহাত মেলি
তুলি ধৰিছে তোমাক
অন্তহীন জলজ বাটৰ সীমনালৈ
ওভটনি যাত্ৰাত
এতিয়া সাগৰ শান্ত ।
No comments:
Post a comment