অজয় মৰাংৰ কবিতা: আলি-আয়ে-লৃগাং - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

অজয় মৰাংৰ কবিতা: আলি-আয়ে-লৃগাং

ফাগুণৰ পচোৱাত আহে ভাঁহি 
গৰখীয়া বাঁহীৰ সুৰৰ লহৰ
এইয়া যে আলি-আয়ে-লৃগাঙৰ বতৰ।
উদং পথাৰৰ লঠঙা গছত গোপনে হাঁহে
ন-কুঁহি মেলাৰ আশাত লুকাই থকা সেউজীয়াবোৰে।
গাঁৱে-ভূঞে, চহৰে-নগৰে নান:, মাম:হঁতে
মুৰংঘৰত সিজাই থৈছে প:ৰ আপং,
হাবিয়ে-বননিয়ে  কৌ পাত ,তৰা পাত আনিছে বিচাৰি
পুৰাং আপিনৰ টোপোলা বান্ধিম বুলি।

এইয়া আকাশত জুই ৰঙা শিমলু ফুলাৰ বতৰ
উলাহত ঘূৰিছে ৰিঙা ৰিঙা মনৰ যঁতৰ।
জীয়ৰী-বোৱাৰীহঁতে তাঁতৰ শালত কাটিছে এগে, ৰি:বি, গাচেং,
মিবু গালোকত কনেংজনীয়ে মেৰিয়াই পঠাইছে
মোলৈ সাঁচি ৰখা এবুকু মৰম।

তোমৰ পৰা ওলিয়াই আনিছো আহুধানৰ কঠিয়া,
ধৰাৰ বুকু কৰ্ষণ কৰি মুঠি মুঠিকৈ সিঁচি দিলো দঞি:- পল:ক জনাই সেৱা।
হিচাপ ল'লো নাঙল,জোঁৱলি, হাল,কোৰ,মৈ,খন্তিৰ--খেতিৰ যত যি আহিলা,
ন-কৈ পুতি ল'লো টঙি ঘৰৰো খুঁটা চাৰিটা;
পৃথিৱীখন হৈ পৰক বুলি শস্য-শ্যামলা
যিদৰে হৈ পৰিছা তুমি ধুনীয়া মোক ভাল পোৱাৰে পৰা।

গুমৰাগ, চ:মানৰ তালে তালে ফাগুণৰ প্ৰথম বুধবাৰটোৱে নাচিছে
কনেঙে দিয়া পুৰাং আপিন আৰুআপং এবাটি
তাকে খাই আকাশ-বতাহ মুখৰিত কৰি
জুৰিছো অইনি:তম এফাকি।
গুমৰাগ, চ:মানৰ তালে তালে
ফাগুণৰ প্ৰথম বুধবাৰটোৱে নাচিছে
জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলোৱে আজি
নাচিছে জুম পাতি।।

No comments:

Post a Comment