দীপ হেষ্টিংচ বৰিৰ কবিতা: প্ৰেম - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

দীপ হেষ্টিংচ বৰিৰ কবিতা: প্ৰেম

শিলত কাটে জীৱন সপোন
কাঁচেৰে সাজে কল্পনাৰ কাৰেং
মণিব নোৱাৰা দূৰ দিগন্তলৈ উৰে
আশাৰ ৰঙীয়াল চিলা

উকা দুবাহুৰে সাৱটিব খোজে
সাগৰ সমান মৰম

অশান্ত ঢল এটা লৈ
হৃদয়ৰ পৰা বৈ আহে এখন নদী
বুকুৰ গভীৰতা জুখি জুখি

যি প্ৰেমত চকুলো আছে
সেই প্ৰেমৰ গভীৰতা আছে

যি প্ৰেমত বিষাদ আছে
সেই প্ৰেমৰ মাদকতা আছে

প্ৰেম বিহীন জীৱন অসাৰ্থক
অলক প্ৰেমেৰে জীৱন নতৰায়

জীৱন আৰু প্ৰেম
সন্ধিয়া আকাশৰ জোন-তৰা ৷

(ৰচনা কালঃ ২০১২)

No comments:

Post a Comment