আলমৰ কবিতা "মধ্যাহ্ন ভোজন" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

আলমৰ কবিতা "মধ্যাহ্ন ভোজন"

সৰ্ব শিক্ষাই আনিলে মধ্যাহ্ন আহাৰ,
ছাত্ৰ-ছাত্ৰীৰ জীৱন কৰিলে অন্ধকাৰ৷
শিক্ষক আহে ময়-মচলা-বজাৰ লৈ,
ছাত্ৰ-ছাত্ৰী আহে কাঁহী-বাটি লৈ ৷
সকলোৰে মনোযোগ পেট পুষ্ট,
মধ্যাহ্ন ভোজন কৰিছে পৰিৱেশ নষ্ট৷
অফিচ লৈ শিক্ষকৰ সঘনে গমন,
বিদ্যালয়ত মাজে-সময়হে দিয়ে চৰণ৷
অংক হ'ল ছাত্ৰ-ছাত্ৰীৰ বোজা,
শিক্ষকৰ বাবে একেবাৰে সোজা৷
বিদ্যালয়, অফিচ আৰু চাহ দোকানত,
সততে শিক্ষক সকল ব্যস্ত কংত ৷
অষ্টম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ কি জনাওঁ!!
বেছিভাগেই পঢ়িব নোৱাৰে পাঠ খবৰত পাওঁ৷
মন্ত্ৰী- অমোলাৰ দুহিতা-তনয়,
এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কেতিয়াও নহয়৷
সিঁহতৰ নাম নাই ইয়াত ,
সিঁহত পঢ়ে দিল্লী, লন্ডন, আমেৰিকাত৷
সকলো বিদ্যালয়তে শিক্ষকৰ অভাৱ,
যথেষ্ট শিক্ষক দিব বুলি ডাংকোপ মৰা চৰকাৰৰ স্বভাৱ৷
চৰকাৰে এইখন কি আঁচনি কৰিলে প্ৰণয়ন!!
এনেকৈ হব কি আমাৰ সমাজ গঠন?
হায়, হায় মধ্যাহ্ন ভোজন৷

No comments:

Post a Comment