একাধিক ল'ৰাৰ সৈতে প্ৰেমৰ নামত খেল খেলিব বিছাৰে বৰহোলাৰ জীয়ৰী গীতাশ্ৰীয়ে - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

একাধিক ল'ৰাৰ সৈতে প্ৰেমৰ নামত খেল খেলিব বিছাৰে বৰহোলাৰ জীয়ৰী গীতাশ্ৰীয়ে



ভালপোৱা এক মধুৰ তথা পবিত্ৰ সম্পৰ্ক য'ত থাকে সৰগৰীয় অনুভূতি তথা উৎসাহ প্ৰেৰণা আৰু বহুতো কিবাকিবি । কিন্তু সেই প্ৰেম ভালপোৱাই কিছুমান লোকৰ জীৱনলৈ কেতিয়াবা অভিশাপ হৈ আহে । অৰ্থাৎ যি  প্ৰেমক আমি সৰগীয় অনুভৱ বুলি ভাবোঁ সেই প্ৰেমেই বহু লোকৰ জীৱনলৈ কাল ধুমুহা নমাই আনে । কিয়নো কিছুমান লোকে প্ৰেমক এক প্ৰকাৰৰ খেল বুলি ভাবে আৰু এই খেলত জয়ী হ'বৰ বাবে কিছুমান ছোৱালীয়ে উঠি পৰি  লাগে । তেনে এজনী ছোৱালী হ'ল বৰহোলাৰ জীয়ৰী গীতাশ্ৰী বৰা ।

 দেখাত সহজ সৰল যেন লাগিলেও গীতাশ্ৰী এজনী নিষ্ঠুৰ আৰু হৃদয়হীন ছোৱালী । মিচিকিয়া হাঁহিৰে সকলোৰে মন মোহা গীতাশ্ৰীৰ ক্ৰিয়া কাণ্ড দেখিলে আপুনি আচৰিত হব কিয়নো তেওঁ সমান্তৰালভাবে একাধিক ল'ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে । এজনী ছোৱালীয়ে জানো সমান্তৰালভাবে একাধিক ল'ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে, নিশ্চয় নোৱাৰে । কিন্তু গীতাশ্ৰী ৰ বাবে এয়া কোনো ডাঙৰ কথা নহয় । কিয়নো তেওঁৰ দৃষ্টিত প্ৰেম ভালপোৱা হৈছে এক প্ৰকাৰৰ খেল । জানিব পৰা মতে এজন সহজ সৰল ল'ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল গীতাশ্ৰী বৰাৰ । কিন্তু ল'ৰাজনে জনা নাছিল যে তাইৰ প্ৰেমিক একাধিক । যেতিয়া এই বিষয়ে জানিলে তেতিয়া বহুতেই পলম হৈ গ'ল । যাৰ ফলত লৰাজন ভাগি পৰিল আৰু প্ৰেম ভালপোৱাৰ সংজ্ঞা পাহৰি গৈছিল । সম্পূৰ্ণৰূপে ভাগি পৰিছিল তেওঁ । লগতে হেৰাই গল সমগ্ৰ ছোৱালী জাতিৰ প্ৰতি বিশ্বাস । এনেকৈয়ে কিছুমান ছোৱালী য়ে প্ৰেম নামৰ খেলবিধৰ যোগেদি কিছুমান ল'ৰাৰ জীৱনলৈ আন্ধাৰ নমাই আনে । গীতাশ্ৰী বৰাৰ এই মায়াজালৰপৰা সকলো বাচি থাকক তাৰেই কামনা কৰিলো ।
ৰিঙ্কুমণি বৰা

No comments:

Post a Comment