মমিনুৰ ইচলামৰ গল্প : বাটত ল'গ পোৱা বুঢ়ীমাজনী - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মমিনুৰ ইচলামৰ গল্প : বাটত ল'গ পোৱা বুঢ়ীমাজনী

        
    












       জামানে স্তব্ধ হৈ ৰ'ল।    বাট  ত পৰি থকা নিৰহ শুকান বুঢ়ীমাজনীক দেখি । বুঢ়ীমাজনীৰ শৰীৰ অসুস্হ । বুঢ়ীমাজনীয়ে খোজ কাঢ়িব নোৱাৰে । তেতিয়া জামানে অলপ ভাবিবলৈ ধৰিলে আৰু কাষত এখন মটৰ চাইকেল দেখা পালে । মটৰ চাইকেলখন কাৰ সেইটোও নাজানে তথাপিও মটৰ চাইকেল খন লৈ জামানে তাৎক্ষণিক ভাৱে বুঢ়ীমাজনীক তাইৰ ঘৰলৈ লৈ গ'লে ।পিছে বুঢ়ীমাজনীয়ে জামানলৈ ধন্যবাদ জ্ঞাপন কৰিলে আৰু  আশীৰ্বাদ দিলে , লগতে বুঢ়ীমাজনীয়ে জামানক আৰু এটা কথা ক'লে, জামান মোৰ এজনী ধুনীয়া ছোৱালী আছে । তাইৰ নাম মধু ৰিজুৱি । তাই ঘৰত নাই কলেজলৈ গৈছে । জামান তুমি অলপ বহা । তেতিয়া  জামানে ক'লে , নহয় বুঢ়ীমা আজি অলপ ব্যস্ততাত আছোঁ। আন কোনোবা এদিন আহিম বুলি কৈ জামানে মটৰ চাইকেলখন লৈ কলেজলৈ আহি দেখা পালে শ্ৰেণী  কোঠাত বাইদেউ সোমাইছে ।তেতিয়া  জামানে ক'লে , বাইদেউ ভিতৰলৈ সোমাব পাৰিমনে ? তেতিয়া বাইদেউৱে ক'লে , নহ'ব ! নহ'ব! এতিয়া ক্লাচ শেষ হ'ব । তেতিয়া  জামানে চিন্তিত  হৈ পৰিল । পিছে বাইদেউৰ গুৰুত্বপূৰ্ণ ক্লাচটো ক্ষতি কৰাত মনটো বেয়া লাগিল বুলি কৈ জামানে বাকী ক্লাচবোৰ নকৰি ঘৰলৈ গুচি গ'ল ।


         জামানে ঘৰলৈ উভতি আহি বিছনাত শুই , সেই মধু ৰিজুৱিৰ কথা মনত পেলালে । আৰু গধূলি সময়ত মধু ৰিজুৱিৰ ঘৰলৈ যাবলৈ ধৰিলে। লাহে -লাহে তাইৰ ঘৰত সোমাই প্ৰথমে , বুঢ়ীমা ! বুঢ়ীমা ! বুলি কৈ মাতিলে । ঘৰৰ পৰা কোনেও মাত নিদিলে । অৱশেষত ছোৱালী জনীয়ে মাত দি ক'লে, কোন আপুনি ? তেতিয়া  সি ক'লে মই জামান ।পিছত ছোৱালী জনীয়ে ক'লে, অ ' জামান আপোনাৰ কথাই ভাবিছোঁ । মোৰ মায়ে সদায় আপোনাৰ কথা কৈ থাকে মোৰ আগত । জামান মোৰ মা আজি ঘৰত নাই । মোৰ মা অসুস্হতা হৈ পৰিছে ! চিকিৎসা হোৱাৰ কাৰণে মোৰ মা আজি ' গুৱাহাটী GMC' ত ভৰ্তি   হৈছে ।
              পিছদিনাখন জামানে সেই মধু ৰিজুৱিৰ কথাত গুৰুত্ব নিদি নিজে বুঢ়ীমাজনীৰ ফোন নম্বৰ সংগ্ৰহ কৰিলে । তাৰ পিছত বুঢ়ীমাজনীক ফোন কৰিবলৈ ধৰিলে । বাৰ বাৰ ফোন কৰি থকা সত্বেও ফোন নধৰিলে ! আৰু  Airtel অফিচৰ পৰা ক'লে , বৰ্ত্তমান  নম্বৰটো সংযোগ সীমাৰ বাহিৰত ।
             এদিন জামানে 'প্ৰতিদিন' নামৰ কাকত এখনত বুঢ়ীমাজনীৰ খবৰ পালে । বুঢ়ীমাজনী আৰু এই জগতত নাই ! এই কথা শুনা পাই জামানৰ মনটো বৰ বেয়া লাগিল । তেতিয়াই জামানে তলত দিয়া কবিতা ফাঁকিৰ জৰিয়তে মনৰ দুঃখ  প্ৰকাশ  কৰিলে এনেদৰে --
            বুঢ়ীমা মোক দেখা          নিদিয়া কিয় গুচি গ'লা ?
এদিনৰ বাৱে আহিবানে ?
এই জগতলৈ !
আপোনাৰ মৰমৰ ছোৱালীজনীৰ কথা মনত পৰিবনে ?
মনত পৰিবনে এই মায়াহীন জগতৰ কথা !
  
             পিছত জামানে এদিন সেই মধু  ৰিজুৱিৰ ল'গ ধৰি ক'লে , বুঢ়ীমা আৰু  এই জগতত নাই । এতিয়া  তোমাক কোনে পাহৰা দিব । তেতিয়া  মধু  ৰিজুৱিয়ে ক'লে , এই জগতত মোৰ মা নাই যদি আন কোনেও নাই !তেতিয়া জামানে অলপ ভাবিবলৈ ধৰিলে আৰু  ক'লে মই আছোঁ নহয় মধু  , কিয় চিন্তা কৰিব লাগে । মধুৱে এইবোৰ কথা বিশ্বাস নকৰিলে আৰু  ক'লে , জামান মোৰ কাষত কাকো থাকিব নালাগে। মই মোৰ মাৰ সমাধি স্হলৰ কাষত থাকিম আৰু  তাতে মই মোৰ আধৰুৱা জীৱনটো কটাম বুলি ভাবিছোঁ।
                 জামনে এদিন মূৰত হাত দি চিন্তা কৰি বুঢ়ীমাজনীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি, সেই মধু  ৰিজুৱিৰ মা হেৰুৱা জীৱনৰ কথা চিন্তা কৰি সদায় তাইৰ কাষত থাকিবলৈ ধৰিলে ।
      
                পিছত জামানে এদিন কলেজত গৈ মমিনুৰ নামৰ ল'ৰা এজনৰ লগত চিনাকি হ'ল । ল'ৰাজনৰ লগত কেইদিনমান কথা কোৱাৰ পিছত জামানে গ'ম পালে প্ৰকৃততে ল'ৰাজন বৰ ভাল আৰু পঢ়া - শুনাতো বৰ চোকা যেন লাগিল । পিছে জামানে আৰু  এটা কথা ভাবিলে ল'ৰাজন অকল পঢ়া - শুনাতে বৰ চোকা নহয় , ধৰ্মতো আগ্ৰহী যেন লাগে । এনেকৈ লাহে - লাহে মমিনু্ৰৰ লগত জামানৰ ঘনিষ্ঠ  বন্ধুত্ব হ'ল । জামানে এদিন মধু ৰিজুৱিৰ কথা মমিনুৰৰ আগত সুন্দৰকৈ ব্যক্ত   কৰিলে । পিছত মমিনুৰে মধু ৰিজুৱিৰ লগত কথা কবলৈ আৰম্ভ কৰিলে আৰু মধুৱেও মমিনুৰৰ লগত কথা কবলৈ ধৰিলে  ।
          এনেকৈয়ে মমিনুৰৰ আচৰণত মধু ৰিজুৱিয়ে মোহিত হ'ল আৰু মমিনুৰৰ প্ৰতি লাহে- লাহে আকৃষ্ট হ'বলৈ ধৰিলে ।         
                পিছত মমিনুৰৰ আৰু মধু ৰিজুৱিৰ ঘনিষ্ঠতা  দেখি জামানৰ ওপৰত থকা দায়িত্বৰ আৱৰণখন পাতল - পাতল যেন অনুভৱ হ'ল ।
      
       মমিনুৰ ইছলাম
      দূৰভাষ :-৯৯৫৭২২২৬৮৬

No comments:

Post a Comment