মূকবধিৰ কবিতাৰ পেঙুৰা খোজ ( কন্দৰ্পজিত কল্লোল্) - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মূকবধিৰ কবিতাৰ পেঙুৰা খোজ ( কন্দৰ্পজিত কল্লোল্)

কবিতা এটা ছটফটাই আছে
তামস নদীৰ পাৰঘাটত
জোনাক ডুবিছে
জোনাক ডুবিছে
খোজ পেঙুৰা হৈ উঠিছে
বৰশিত মকৰা এটা পৰিছে
বৰশিত মকৰা জাল
বৰশিত জোনাকৰ মৌন ওঁঠ
ডুবো ডুবো ৰাতি
ছিগো ছিগো সূতা
আকবিতা এটা যন্ত্ৰনাত কাতৰ হৈ পৰিছে
বাঁহফল যেন মৌন চকু ডুবো ডুবো
ডুবো ডুবো নেমুপাতৰ গন্ধ
মুকবধিৰ কবিতাৰ পেঙুৰা খোজ
হাওলি পৰিব
হাওলি পৰিব
ভালকৈ ধৰ্
ভালকৈ ধৰ্
হাতৰ মঠিত স্থিৰ নহয় নদীৰ ঢৌ
মুকবধিৰ কবিতা এটা ঢলি পৰিল
ঢলি পৰিল ৰাতিৰ গুণগুণনি
বুকুৰ পৰা পাহাৰ খহাদি খহি পৰিল
উদাস চৰাইৰ মৌন নীড়
(সোণীয়াৰ স্মৃতিত...
পাঁচ বছৰ আগতে লিখা)

No comments:

Post a Comment