তুমি মৰিচীকা - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

তুমি মৰিচীকা

















তোমাৰ হৃদয়ৰ
সেউজীয়া ঘাহনিডৰাত ;
মোৰ হৃদয়ত ফুলাৰ দৰে
ফুলিছেনে কেতিয়াবা
সূৰুয্যমুখী ফুল ।


সুবাসে আমোলমোলায়
মোৰ হৃদয়ৰ চৌদিশ ;
সূৰুয্যমুখী ফুলিলে,
তুমি বাৰু সুবাসৰ
উমান পোৱানে ,
মোৰ কাষেৰে গ'লে ।


জীৱনৰ বাটত
আগুৱাই যাওঁ;
ভাবি যাওঁ মাঁথো তোমাৰ কথাই,
এনে লাগে যেন মই,
মৰুভূমিত বিচৰণ কৰিছোঁ
আৰু তুমি মৰিচীকা ।

No comments:

Post a Comment