দ্বীপকেশ বৰগোঁহাইৰ সঙ্গীতেৰে পৰেশ আকাশৰ কণ্ঠসমৃদ্ধ আন্নাচ আলিৰ নতুন মিউজিক ভিডিঅ "মন আজি" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

দ্বীপকেশ বৰগোঁহাইৰ সঙ্গীতেৰে পৰেশ আকাশৰ কণ্ঠসমৃদ্ধ আন্নাচ আলিৰ নতুন মিউজিক ভিডিঅ "মন আজি"

অতি শীঘ্ৰেই মুক্তি পাব প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান অভিনেতা আন্নাচ আলি অভিনীত এটা মিউজিক ভিডিঅ । যোৱা ১৪ ফেব্ৰুৱাৰী ভেলেন্টাইন ডেৰ দিনা ভিডিঅটোৰ দৃশ্যগ্ৰহণ সম্পন্ন হয় । ৰাজশেখৰে নৃত্য নিৰ্দেশনা কৰা উক্ত ভিডিঅটোৰ নায়িকাৰ ৰূপত আছে চুমি দাস । শীঘ্ৰেই আৰম্ভ হ'ব মৃদুল ডেকা দ্বাৰা সম্পাদনাৰ কাম ।
      আনহাতে গীতটো কথা আৰু সুৰেৰে সজাইছে জনপ্ৰিয় কণ্ঠ শিল্পী পৰেশ আকাশে । কণ্ঠদান কৰিছে পৰেশ আকাশ আৰু ঈক্ষিতা ৰাণীয়ে । জনপ্ৰিয় সঙ্গীত পৰিচালক দ্বীপকেশ বৰগোঁহাইৰ মন পৰশা সঙ্গীত সমৃদ্ধ উক্ত ভিডিঅটো ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব বুলি আশা কৰিব পাৰি ।
(ৰিম্পী গগৈ)

No comments:

Post a comment