ৰহস্য গল্প (মনোজ ভেনাচ) - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰহস্য গল্প (মনোজ ভেনাচ)


(এক) “………ফুলমনি এটা পুৰণি ৰেল-ষ্টেছন। দিনটোত এখন বা দুখন ৰেলগাড়ীহে তাত ৰয়। ষ্টেছনৰ পাছফালেই বঙলাটো। নতুন ষ্টেছন মাষ্টাৰ নিলয়ে সেই বঙলাটোতে থকাৰ দিহা কৰিলে। প্ৰথম নিশা। বাহিৰতে খাই বৈ আহি দুৱাৰখন খোলোতেই হিমশীতল বতাহ এজাকে নিলয়ক স্পৰ্শ কৰি গ‘ল। দুৱাৰখন খোলোতে হোৱা কেৰ্ কেৰ্ শব্দটোৱে পৰিবেশটো হঠাতে জয়াল কৰি তুলিলে। গাৰ কাষেৰে জপিয়াই কি যেন এটা পাৰ হৈ গ‘ল! হয়তো মেকুৰী! কিন্তু ইমান দুৰ্গন্ধ! নিলয়ে বিজুলীবাতিৰ বুটামবোৰটিপি কোঠাটো পোহৰাই তুলিলে। কাপোৰসাজ সলাই ভৰি ধুবলৈ বাথৰুমলৈ খোজ দিলে। কিন্তু হঠাত বাথৰুমৰ পৰা অহা কান্দোনৰ চিঞৰে তাৰ গতি ৰুদ্ধ কৰি পেলালে। পিছৰবাৰ আকৌ কোনো গাভৰুৰ হাঁহিৰ খলকনিয়ে ৰাতিৰ নিস্তব্ধতা ভঙ্গ কৰি পেলালে। অথচ বাথৰুমটো বাহিৰৰ পৰাই খিলি লগাইথোৱা আছিল। নিলয়ে ভয়ে ভয়ে বাথৰুমটোৰ ফালে দৃষ্টি নিক্ষেপ কৰি থাকিল। কান্দোন আৰু হাঁহিৰ মিশ্ৰিত খলকনিৰ মাজতে দেখিলে বাথৰুমৰ দৰ্জাৰ তলৰ ফাকেৰে হোলোকা হোলোকে তেজৰ নৈ বৈ আহিছে। নিলয়ে উচপ খাই উঠিল আৰু বিবুদ্ধিত পৰি পলাবলৈ ধৰিলে। কিন্তু ঠিক তেনেতে দুৱাৰখন কৰ্কশ শব্দ কৰি নিজে নিজে বন্ধ হৈ পৰি বিজুলিবাতিবোৰো নুমাইথাকিল। ঘোৰ অন্ধকাৰে গোটেই ঘৰটো আবৰি ধৰিলে। কোনোবাই নিলয়ৰ কাণৰ কাষত জোৰে জোৰে চিঞৰি কৈ উঠিল………” (দুই) “অণু… অণু… অণু…” অণু উচপ খাই উঠিল। সেইয়া অদুৰত যেন কোনোবাই তাইৰেই নামধৰি চিঞৰি মাতিছে। সময় খুব বেছি হোৱা নাই। ন বাজিছেহে মাথোন। দুৰৈত শিয়ালৰ হোৱা শুনিবলৈ পোৱা গৈছে। জিলিঁৰ মাতে পৰিবেশটো বেছ জয়াল কৰিতুলিছে। “অণু… অণু কি হ‘ল তোৰ! ইমানকৈ মাতি থাকিব লাগেনে? কি যে কৰি থাকে এইজনীয়ে।“ সেয়া মাকৰ চিঞৰ। পিৰালিৰ পৰা অণুকে উপলক্ষ কৰি কেইবাবাৰো ধৰি মাতি আছে। “কি মা, কোৱা। মোৰ ভয় লাগিছে, ইমান আন্ধাৰ!” _অণুৱে হঠাতে বিদ্যুৎ ব্যাহত হৈ বিজুলী বাতিবোৰ নুমাই যোৱাত ভয় খাইছিল। তাতে আকৌ ‘অশৰীৰী আত্মা’ নামৰ ভৌতিক গল্প এটা পঢ়ি আছিল। অনু আচৰিত হ‘ল। কেনেকৈ কাক-তালীয়ভাবেভৌতিক গল্পটোত বিজুলিবাতিবোৰ নুমাই যোৱা আৰু বাস্তবটো বিজুলিবাতিবোৰ নুমাই যোৱাৰ কথাটো মিলি গৈছিল। “দেউতাৰক ভাত দিছো। টুকুৰিটোৰ পৰা নেমু এটা উলিয়াই এটুকুৰা কাটি দেউতাৰক দে। মমবাতি এডাল জ্বলাই কটাৰিখন বিচাৰি লবি।” মাকে কথাখিনি অণুক কৈ বাহিৰৰ গাঁতটোত জাবৰ পেলাবলৈ গ‘ল। দেউতাকক সোনকালে ভাত লাগে। চহৰৰ পৰা সদাই আহোতে পলম হয় বাবে ভোকো লাগেসোনকালে। আকৌ ৰাতিপুৱাওঁ সোনকালে উঠি কামলৈ যাব লাগে। আন্ধাৰত খুপি খুপি অণুপাকঘৰলৈ আহিল। দেউতাকে ভাত খাবলৈ বহাকাষৰ কোঠাটোৰ পৰা অহা ঈষৎ পোহৰত তাই দিয়াশলাইটো বিচাৰি ল‘লে। কাঠি এটা উলিয়াই মমবাতিটো জ্বলাবলৈ ল‘লে। কাঠিটো মাৰোতে হোৱা শব্দটোত তাই উচপ খাই উঠিল। হাতৰ পৰা কাঠিটো পৰি গ‘ল। দ্বিতীয়বাৰ তাই ম‘মডালজ্বলাবলৈ সক্ষম হ‘ল। আন্ধাৰখিনি ফালি হঠাত হোৱা পোহৰখিনিয়ে পৰিবেশটো যেন অধিক জয়াল কৰি তুলিলে। পইতাঁচোৰা এটা তাইৰ গাত আহি পৰাত উচপ খাই উঠিল। সম্ভাৱ্য বিপদৰ কথা ভাবি অণু আতংকিত হৈ পৰিল। অথচ কাষৰ কোঠাটোতে দেউতাকে ভাত খাই আছে। নাই এনেকৈ ভাবিলে নহ‘ব। দেউতাকক পানীগিলাচ দিয়া, নেমু কাটি দিয়া এইবোৰ কাম এনেয়েও অণুয়ে কৰে। নেমুটো কাটি সোনকালে দেউতাকক দিব লাগে। নহ‘লে ভাতে খোৱা শেষে হৈ যাব। মাকৰ গালি-শপনিবোৰহে শুনিবলাগিব। কিহে পাইছিল এইৰাতিখন তাইক ভৌতিক গল্প পঢ়িবলৈ। ভয়ত ৰাতিটোপনি আহিলেহে হয়! সকলো দোষ এই ককায়েকৰ বাবে। সিয়ে এই কিতাপবোৰ পঢ়িবলৈ আনে। দেখিলে তাই নপঢ়াকৈ থাকিবওঁ নোৱাৰে। অণুৱে হাতত কটাৰিখন লৈনেমুটো কাটিবলৈ ধৰিলে। ৰহস্য গল্প
(তিনি) “মা…আআআ! ভূউউউত, ভূত… অশৰীৰী আত্মা… মৰিলোঔ… বচোৱা মোক বচোৱা।” অণুৰ চিঞৰত দেউতাকে ভাত খাই থকাৰ পৰাই উঠি আহিল। উধাতু খাই মাক দৌৰি আহোতে দুৱাৰদলিত উজুটি খাই ভৰিৰ বুঢ়া আঙুলিৰ নখো এৰাই আহিল। তেওঁৰ অৱশ্যে এইবোৰলৈ ভ্ৰক্ষেপ নাই। জীয়েকৰ চিঞৰৰ উৎসটোৰ বাবেহে উৎকণ্ঠা। “কি হ‘ল মা… একো নোকোৱা কিয়। কপিছা কিয়।” দেউতাকে এখন হাতেৰে জীয়েকৰ গাত ধৰিকিংকৰ্তব্যবিমোৰ হৈ সুধিলে। তাই থকথককৈ কপিব ধৰিছিল। “দেউতা… তেজ, চোৱাচোন ইমান তেজ!” অণুৱে সেপধুকি সেপধুকি কথাষাৰ ক‘লে। “ইমান তেজ কৰ পৰা আহিল। নেমু আৰু কটাৰিখনত এইবোৰ দেখোন তেজ” _মাকে অণুৰ চকুৰ দৃষ্টিৰ ফালে প্ৰত্যক্ষ কৰিলে। মজিয়াখনত এফালে আধাকটা নেমুটো আৰু আনফালে কটাৰিখন সিচঁৰতি হৈ আছে। মমবাতিৰ পোহৰতে দেখিলে নেমুটোৰ সৈতে কটাৰিখনো ৰক্তৰঞ্জিত হৈ আছে। “চাওঁ চাওঁ হাতখন বেয়াকৈ কাটিলে, ইচ্… ইচ্। হেৰা টৰ্চটো জ্বলাই সোনকালে ‘ফাৰ্স্ট এইড বক্স‘টো লৈ আহাছোন” দেউতাকে মাকক উত্ৰাবল হৈ ‘ফাৰ্ষ্ট এইড বক্স‘টো আনিবলৈ পঠালে। “নাই নাই দেউতা, মোৰ হাত কটা নাই নহয়।” ভয়ত কপি কপি অণুৱে দেউতাককহাত দুখন দেখুৱালে। “ইয়ে হয়ছোন, তাইৰ হাতত একো হোৱা নাই। তেনেহলেনেমু আৰু কটাৰিত ইমান তেজ কৰ পৰা আহিল?” মাকে জীয়েকৰ হাত দুখন পিটিকি পিটিকি পৰীক্ষা কৰি কলে। অণুক দেউতাকে বিচনালৈ ধৰি ধৰি লৈ আহিল। তাই ভয়ত তেতিয়াওঁ কপি আছিল। সচাঁকৈয়ে অশৰীৰী আত্মাই লম্ভিলে অণুক। কি হ‘ব এতিয়া! তাই কান্দি কান্দি মাকহতঁক কবলৈ ধৰিলে। “মই নেমুটো কাটিবলৈ কটাৰিখনেৰে ৰেপ দিছোহে। কৰপৰা জানো নেমুটোৰ ভিতৰৰ পৰা তেজবোৰ ওলাই আহিল। মোৰহাতত কিন্তু একো হোৱা নাই। তেজ ওলাবলৈ অকণমানো ছাল এৰোৱা নাই” অণুৰ কথা শুনি মাকৰ পাকঘৰটোলৈ চাবলৈয়ে ভয় লাগিল। “হেৰি শুনকছোন। টৰ্চটোৰে আকৌ এবাৰ নেমুটো ভালকৈ চাই আহকছোঁন। বাবা ক‘ত গ‘ল।তাকো মাতক। ইমান হুলস্থুলতো সি কোঠাৰ পৰা এবাৰো ওলাই অহা নাই কিয়! আন্ধাৰতনো কিকৰি আছে সি?” মাকে বাবাৰ কোঠালৈ দৃষ্টি নিক্ষেপ কৰিলে। মাকে আকৌ ক‘বলৈ ধৰিলে- “এইক সেই আহঁতজোপাৰ গোঁসানীজনীয়ে লম্ভিলেযেন পাইছো। মই এনে কওঁনে যে স্কুলৰ পৰা আহোতে সেইফালেৰে নাহিবি। চমু বাট হ‘লে কি হ‘ল। আজি কেইবছৰমানৰ আগতে পঞ্চায়তৰ সভাপতিৰ জীয়েকে যে সেই আহঁতজোপাতে চিপজৰী লৈছিল নাজান নেকি? ” আতংকিত হৈ থকা ছোৱালীজনীয়ে মাকৰ কথা শুনি বেছিকৈহে ভয় খাব ধৰিলে। দেউতাকৰ খং উঠি মাকক ক‘লে, “ৰ’বাহে তাই এনেয়ে ভয় খাই আছে। তুমি আৰু এইবোৰ কি বলকি আছা! বেলেগ কিবাওহ‘ব পাৰে। অনবৰতে কি ভূত-পিশাচৰ নাম লৈ থাকা? বাবাক মাতাছোন।” দেউতাকে অণুৰ মুৰত হাতবুলাই ক‘লে “মা, তুমি একো চিন্তা নকৰিবা। মইএতিয়াই অতুল বৰদেউতাৰ পৰা মন্ত্ৰপূত পানী আনি দিম। বাবাক মাতাহে… ওলাই গ‘ল নেকিবাহিৰলৈ সি?” “বাবা বাবা, কত গ’লি তই?” মাকে তাক বিচাৰিবলৈ ধৰিলে। (চাৰি) হঠাতে হাতত পানী এগিলাচ লৈ বাবাৰ প্ৰবেশ। “অণু, তই এই পানীগিলাচ খাই দেছোন। মই অতুল বৰদেউতাৰ পৰা পানীখিনি মন্ত্ৰপুত কৰি আনিছো। একো নহয় তোৰ। ভয় নাখাবি।” সি হয়তো ভনীয়েকৰ লগত ঘটা ঘটনাটোৰ উমান পাই গিলাচ এটা লৈ বৰদেউতাকৰ ঘৰ পাইছিলগৈ। মাকে কথাটো এনেদৰেই ভাবিলে। দেউতাকে এটা কথা ভাবি আচৰিত হ‘ল যে দুই কিলোমিটাৰ দূৰত থকা অতুল ককাইদেউৰ পৰা বাবাই ইমান সোনকালে কেনেকৈ আহি পালে! আৰু এটা কথা বাবাক দেখোন সেই সময়ত ঘৰৰ ভিতৰত দেখাও নাছিল। সিনো জানিলে কেনেকৈ। সকলোফালে যেন কি এক ৰহস্য! “দেউতা মন্ত্ৰপুত পানীগিলাচ খাই মই অলপ ভাল পাইছো। মোৰ একো নহয়। নহয়নে মা!” _জীয়েকৰ কথা শুনি মাকেতাইক সাবটি ধৰিলে। তেতিয়ালৈকে তাইৰ কপনি বহুখিনি মাৰ গৈছিল। দেউতাকে হঠাতে কিনো ঘটি গ‘ল একো থাওৰ কৰিব নোৱাৰিলে। নেমুটেঙাটোৰ পৰা কেনেকৈনো তেজ ওলাল? সচাঁকৈয়ে ঘৰত ভূত-পিশাচে লম্ভিলে নেকি? তেওঁ অৱশ্যে আজিলৈকে ভূত-পিশাচৰ সন্মুখীন হোৱা নাই, শুনিছেহে! কিন্তু বাবাৰ ফালে চাওঁতে এনেলাগিল সি যেন কিবা এটাদোষী দোষী মনোভাব লৈ ভনীয়েকৰ কাষত থিয় হৈ আছে! (পাঁচ) চহৰৰ পৰা কিছু দুৰৈত আধুনিকতাৰ পৰশ পৰা এখনগাওঁ। বাবা, অণু আৰু সিহঁতৰ মাক-দেউতাক। বাবা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। চহৰৰ মহাবিদ্যালয়ত অধ্যয়নৰত। ঘৰৰ পৰা এক কিলোমিটাৰ আতঁৰৰ বিদ্যালয়খনত অণু অষ্টম শ্ৰেণীত পঢ়ি আছে। চহৰত পঢ়িবলৈ গৈ ককায়েক বাবা যে দুষ্ট সঙ্গৰ লগত পৰিছে, অণুই ঠিকেই ধৰিব পাৰিছিল। এদিন তাই বিদ্যালয়ৰ ছুটিত আহি থাকোতে তাক বিপুলহতঁৰ দোকানৰ পাছফালে চুৰট হোপা দেখিছিল। ঘৰত আহিয়েই তাই মাক-দেউতাকক কথাটো কৈ দিছিল। মাক-দেউতাকে ভাল বকনি দিছিল। খঙত দেউতাকে হালোৱা এছাৰিৰে পিঠিত দুইকোবো দিছিল। সেই কাণ্ডত মহাবিদ্যালয়তোতাৰ চাৰিদিনমানৰ বাবে আহ-যাহ বন্ধ হৈছিল। লাজে অপমানে ভনীয়েক অণুৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পোতক তোলাৰ বাবে চল চাই আছিল। ভয়াতুৰ ভনীয়েকক ভূতৰ গল্পবোৰ পঢ়িব দি এনেয়ে ভীতিগ্ৰস্থ কৰি ৰাখিছিলেই। তেতিয়া মাত্ৰ সুযোগৰ অপেক্ষাতহে আছিল। সেই ৰাতিটোৰ কথা। দিনতেই কটাৰি এখনৰ দুয়োফালে ঘৰতে থকা জবাফুলৰ পাহিবোৰেৰে খুব ভালকৈ ঘহি-পিহি শুকুৱাই থৈ দিছিল। সি জানে জবাফুলৰ ৰসত থকা ৰাসয়নিক পদাৰ্থবিধ নেমুটেঙাত থকা ছাইট্ৰিক এছিদৰ সংস্পৰ্শত আহিলে ৰসখিনি ৰঙা হৈ পৰে। মাকে তাইক নেমু কাটিব দিয়াৰ কথা শুনি পিছৰ দুৱাৰেৰে সেই কটাৰিখন তাই সহজে পোৱাকৈ থৈ দিছিল। কিন্তু পিছত যেতিয়া ভনীয়েকে ভয় খাইবৰকৈ চিঞৰ-বাখৰ কৰিলে সিওঁ ভয় খালে। ভয়তে অণুৰ যদি কিবা এটা হৈ যায়। সি নিজকে ক্ষমা কৰিব নোৱাৰিব। আগচোতালৰ পৰাই সি মাক-দেউতাকে আলোচনা কৰা কথাবোৰ শুনিছিল। সেয়ে পুখুৰীৰ পাৰত মাকে ধুবলৈ গোটাই থোৱাগিলাচ এটাতে সেই পুখুৰীৰে পানী ভৰাই লৈআহিছিল। ক‘ত আৰু বৰদেউতাকৰ পৰা পানী লৈআহিব! সি মিছা মাতিছিল। ভনীয়েকৰ সেই ‘মন্ত্ৰপূত পানী’খাই ভাল পোৱাত সি স্বস্তিৰনিশ্বাস পেলাইছিল ।
গাওঁখনৰ সীমামুৰিয়া অঞ্চলেদি পাৰ হৈ যোৱা শিলগুটি দিয়া পথটোৰ বৃহৎ আঁহত গছজোপাই অৱস্থান কৰা ঠাইডোখৰ গাওঁখনৰ জনসাধাৰনে মনতে জয়াঁল বুলি ভাৱে। সাধাৰণতে মুকলিঠাইডোখৰত আঁহতজোপাৰ তলতে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খন আৰু তাৰ বিপৰীত ফালে চেনদৈৰ ঘুমতি দোকানখন আছে। সেই ঠাইডোখৰৰপথটোৰ এটা ফালে বিস্তৃর্ণ পথাৰ, আনফালে দ হোলা আৰু তাৰ পৰা কিছুদূৰতে হাবিখন। সন্ধ্যা সাত বজাৰ পিছতে চেনদৈয়ে দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত ঠাইডোখৰ নিমাওমাও হৈ পৰে। অৱশ্যে তাৰ আগৰলৈকে চেনদৈৰ দোকানৰ আগত গাৱঁৰে দুই এটা ডেকা লৰাই কথাৰ মহলা মাৰিবলৈ সদায়ে আহে। বতৰ ডাৱৰীয়াই হওক বা ফৰকালেই হওক, নতুবা পূণির্মাৰ নিশাই হওক বা আঁউসি নিশাই হওক, সেই আঁহতজোপাৰ তলৰ ঠাইখিনি সদায়ে অন্য ঠাইতকৈ কিছু গভীৰ আন্ধাৰ যেন দেখি। সেয়ে যিকোনো খামি ডাঠ মানুহো আঁহতজোপাৰ তলেদি পাৰ হৈ যাওতে কমকৈ হলেও বুকুখন কপি উঠে। কোৱামতে এবাৰ হেনু গাঁৱৰে শৰতক গধূলী বেলিকা সেই আঁহতজোপাৰ তলৰেপৰাই কোনোৱা মানুহ এজনীয়ে মাতি হোলায়েদি হাবিলৈ নি গোটেই ৰাতি তাইৰ লৰা-পোৱালি ৰখিবলৈ দিলে। পিছত ছেগ বুজি সি তাৰ পৰা পলাই আহিহে নিজৰ প্ৰাণ ৰক্ষা কৰিলে। গাওঁখনৰ মানুহৰ মুখত প্ৰচলিত মনেহাবিখনত বহুত মানুহৰ মৰিহালি আছেআৰু ৰাতি হলে সেই মৰিহালিৰ আত্মাবোৰে আঁহতজোপাৰ তলতে জিৰণি লৈয়হি আৰু তেতিয়া বাটে অহাযোৱা কৰা মানুহ লগ পালে অন্য মানুহৰ ৰূপ ধৰি লগত লৈ যায়। গাঁখনৰ বহুত মানুহে সেই আঁহতজোপাৰ তলতে আত্মাবহি থকা, গালৈ কেচমমূতা দলিওৱা, কাষৰ হোলাত জপং জপং কৈ মাছ ধৰি থকাআৰু হাবিত ধনগুলৈ জুই দেখাবুলি দাবী কৰে যদিও ইয়াৰ প্ৰত্যক্ষ প্ৰমান কাকোৱে দিব পৰানাই। এবাৰ আকৌ কি হল!গাঁৱৰে চেঙেলিয়া লৰা নাম তুলা। সন্ধ্যা সাত বাজি গৈছিলহে। চেনদৈয়ে দোকান বন্ধ কৰিঘৰলৈ গল। সেইদিনা গাঁৱৰে সিফালৰ মানুহ এগৰত ন-খোৱা সকাম আছিল। সকামৰ ভোজ খাই তুলা ঘৰলৈ অকলেই খোজকাঢ়ি ওভটিছিল। যিহেতু সি ঘৰলৈযাবলৈ সেই আঁহতজোপাৰ তলেদিয়েই পাৰ হব লাগিব গতিকে হাতত সি বাটৰ পৰা শিলগুটি দুটা বুটুলি ললে আৰু শিলগুটি দুটা যুজাই খিট খিটকৈ বজাই যাব ধৰিলে ভয়টো কমাবৰ বাবে। ইপালে আকৌ ঘৰত সাহিয়াল বুলি দম্ভ মাৰি ফুৰা দেৱক পঠিয়ালে তুলাক সকামৰ ঘৰৰ পৰা আগবঢ়াই আনিবলৈ। দেৱ আহি আঁহতজোপাৰ ওচৰ পাইছেহিহে, এনেতে সি শুনিলে যে আঁহতজোপাৰ তলত কোনোবাই খুঁটি তালবজাই আছে। সি বুকুত সাহষ বান্ধি সেই ঠাইতে তভক মাৰি ৰৈ শব্দটো মন দি শুনিব ধৰিলে প্ৰকৃততে সেয়া তাল মানুহে বজাইছে নে ভূতে বজাইছে। খন্তেক পিছতে সি ধৰিব পাৰিলে যে শব্দটো লাহে লাহে তাৰফালেই আগুৱাই আহিছে। সি এইবাৰনিশ্চিত হল যে সেয়া তাক মায়া কৰি নিবৰ বাবেই ভূতেই তাল বজাইছে। ভয়ত দেৱই কি কৰো নকৰো ভাৱি দিলে ওলোটাই লৰ। ইফালে তুলাৰ আকৌ কি হল!সি মন কৰিলে যে তাৰ আগতে অথার্ত আঁহতজোপাৰ তলৰে পৰাই কিবা এটাই জপজপাই তাৰ ফালে খেদি আহিছে। ভয়ত সিও হাতৰ শিলগুটি দলিয়াই বিপৰীত ফালে দিলে লৰ। তাৰ পিছৰ দুদিন দুয়োটায়ে তমোময় জ্বৰ হল। সেইবাৰলৈ বেজ-জ্ঞানী লগাইহে সিঁহতদুটাৰ ৰক্ষা হল। গাঁও খনত কেইটামান ভূত প্ৰেত বিশ্বাস নকৰা সাহিয়াল ডেকা লৰাও আছে। সিঁহতে ভূতৰ সন্ধানত আঁহতজোপাৰ তলত কেইবা ৰাতিও কটাইছে বুলি গাঁৱৰ মানুহৰ আগত কয়। ভূত-প্ৰেতটো বাদেই বতাহৰ বাদে অন্য কোনো বস্তুৱে আঁহত গছৰ ডাল-পাত এখিলা লৰোৱা সিঁহতৰ চকুত পৰা নাই। গাঁৱৰ তিনিআলি চক্ টোত আড্ডা দিয়াটো অন্য যুবককেইজনৰ দৰে মোৰোএটা নিয়মিত অভ্যাসত পৰিনত হৈছে। আমাৰ আড্ডাত তাচপাতৰ খেলাৰ লগতে ৰাজনীতি, অথর্নীতিৰ পৰা আৰম্ভ কৰি খেল, চিনেমা, ভূত-প্ৰেতৰ লৈকে স্থান পায়। সেইদিনা সন্ধিয়া ভূতৰকথা আৰু টুৱেন্টি নাইন খেলি ঘৰলৈ ওভটো মানে ন-মানেই বাজিল। লগৰ লগৰীয়াক আড্ডাস্থলীতে এৰি থৈ চাইকেল চলাই ঘৰলৈ বুলি ৰাওনা হলো। ময়ো সেই স্থানৰ পৰা ঘৰ পাবলৈসেই আঁহতজোপাৰ তলেদিয়ে যাব লাগে যদিও সদায় সন্ধিয়া সেই বাটেৰেই অহা যোৱা কৰি আছো বাবে মোৰ মনত ভয় শংকা নালাগে। সেইদিনা অমাৱস্যা নিশা, বতৰটোও অলপ ডাৱৰীয়া। মানুহবোৰৰ মতে এনে এনেকুৱা নিশাইহেনু এই আঁহতজোপাৰ তলত ভূত ওলাই। গাঁৱৰ মানুহবোৰৰ যে ভয়টো, মোৰ মনেমনে হাঁহি উঠিল। এইবোৰ কথাকে ভাৱি ভাৱি চাইকেল চলাই আহি মই আঁহতজোপাৰ তল পালোহি। হথার্তে গছজোপাৰ ডাল এটা সজোৰে লৰি উঠিল। সমান্য বতাহ বলি আছে যদিও, এই বতাহত গছৰ ডালটো ইমান জোৰেৰ লৰি উঠাটো সম্ভৱ নহয়, তেনেহলে গছজোপাৰ তলত কিবা আছে, দেৱয়ে মোক কোৱা কথাটো সচা। চাইকেল খন মই ব্ৰেক মাৰি ৰখাই দিলো। আঁহতজোপাৰতলত চুচুক-চামাক কৈ ৰৈ থকা দুটা ছাঁয়ামূত্তি মোৰ দৃষ্টিগোচৰ হল। এবাৰ মোৰ নাম ধৰি সৰুকৈ মতাও মই শুনিলো। কোন হব পাৰে এই দুটা, গাঁৱখনৰ মানুবোৰে কোৱাৰ দৰে এইকেইচা ভূতেই নেকি, মই ভাবি ৰৈ দিলো। তেনেহলে আজি মোক আঁহতৰ তলত সচাকৈয়ে ভূতে পালে। উত্তেজনাত মইঘামি উঠিলো। পিছমুহূত্ততে মই ভাবিলো, দেখা যাওক আজি এই ভূতদুটাই মোক কি কৰে। লাহে লাহে মই ছাঁয়ামুত্তি দুটাৰ ফালে আগবাঢ়ি গলো। আৰে এইয়া দেখোন কমল আৰু ভৰত হে। সিঁহতদুটাই এই নিশাখন আঁহতৰ তলত কি কৰিছে। “ঐ ৰহ, আমি এইখিনি একেলগে যাও, আমিও তই অহালৈকে ৰৈ আছো”।–কমলে মোৰ চাইকেলৰ হেণ্ডেলত ধৰি কলেহি। “তঁহতি মোক ভাল ভয় খোৱালি দেই,মইআকৌ তঁহতক ...” “কি বুলি ভাবিছিলি, ভূত!”ভৰতে কথাষাৰ এনেদৰে কলে যে সি সঁচাকৈয়ে ভূতেই। তাৰ পিছত... ভূতৰ গল্প
সি খুক খুককৈ হাঁহিবলৈ ধৰিলে। তাৰপিছত সি আকৌ কলে“বাৰু কচোন, আজি তই আমাৰ ঘৰলৈ যাৱনে, আমি তোৰ ঘৰলৈ যাও?” “আমি সকলো একেফালেই নাযামজানো?”মই বুজি নাপাই সুধিলো। “ওহো নহয়, তই যাবি এইফালে”কমলে মোৰ ঘৰৰ ফালে আঙুলিয়াই দেখোৱালে,“আৰু আমি যাম এইফালে”এই বুলি হাবিখনৰ পালে আঙুলিয়াই দেখোৱালে। তাৰপিছত আকৌ সি খুক খুকাই হাঁহিবলৈ ধৰিলে। ভৰতে মোৰ হাতৰ পৰা চাইকেলখন লৈ হাবিখনৰ ফালৰ হোলাটোত নমাই দিলে। তাৰ হাতখন বৰ চেঁচা, পানী লাগি আছে ছাগে। “ঐ কমল, তই ইয়াত ইমান সোনকালে কেনেকৈ পালিহি, মই দেখোন তোক বাটেওলাই যোৱাহে দেখিছিলো”মই শৰতক সুধিলো। “সি দেখোন অথনিৰে পৰা মোৰ লগতে আছে, তই কমলক বাটত কেনেকৈ লগ পাবি?”ভৰতে মোক কলে। “বাঃ তইটো কম নহৱ দেই, বাটত অচ্যুতক অকলে লগ পাই ভয়খোৱাই বেহুচ কৰি দিলি আৰু আকৌ আহি ইয়াত ৰৈ আছহি কাৰোবাক নিও বুলি”। মই কলো, সিহঁতে মোৰ ফালে ভেবা লাগি চাই থাকিল।“অচ্যুত যদি বাটত বেহুচ হৈ পৰিয়ে আছে, তেনেহলেতইনো কোন?”কমলে মোৰ ফালে আচৰিত হৈ সুধিলে। “হাঃ হাঃ!!তহতিও ঠগ খাই গলি নহয়”। মই হাঁহিলো, তাৰপিছত আকৌ কলো,“মই তাৰ ৰপটো লৈ কাৰোবাক ভয় খোৱাও বুলি এইখিনিতে অলপ সময় ৰওহি বুলি আহিছিলোহে, তঁহতি পালি নহয় আকৌ লগধৰি নিবলৈ এতিয়াই ঘৰলৈ। ঠিক আছে বাৰু যাও বল ঘৰলৈকে, ৰাতিপুৱাৰ আগতে আকৌ এপাক আহিব লাগিব”। এইবুলি মই চাইকেলখন আঁহতৰ তলতে পেলাই পথাৰ দৰাত নামিলো। সিঁহতে মোৰ ফালে ভেবা লাগি চাই থাকিল।“তঁহতি কি মানুহ দেখাদি চাই আছ, যাৱ যদি বল সোনকালে”। এইবাৰ সিঁহতে বৰ ভয় খালে আৰু ৰৈ থকাৰ ধৈয্য সিঁহতৰ নহল। দুয়োটাই ভূত ভূত বুলি চিঁঞৰি ৰাষ্টাই দৌৰিবলৈ ধৰিলে। সিঁহতৰ কাণ্ড দেখি মোৰ খুৱ হাঁহি উঠিল। এইটো ভয়লৈয়ে আনক ভয় খোৱাবলৈ আহে। এই অচ্যুতক ভয় খুওৱাটো যে ইমান সহজ নহয় এই কথা আজি সিঁহতে হাতে হাতে প্ৰমান পালে। ইঁহত দুটাই মোক আজি ভয় খুওৱা প্লেনটোৰ কথা দিনতে দেৱয়ে কৈ থৈছিল কাৰনেহে মইয়ো ভালকে এশেকা দিব পাৰিলো। মই আঁহতৰ তলৰ পৰা চাইকেল খন উঠাই ঘৰলৈ যাবলৈ ওলালো। যাওতে তাঁহাত দুটাৰ ঘৰত সুমাই খবৰ এটাও লৈ যাব লাগিব, কি ঠিক তাহাতৰ চাগে এতিয়া ভয়ত জ্বৰ উঠা আৰম্ভ হৈ যাব পায়। এনেতে মই কাৰোবাৰ মাত শুনি চাইকেলখনত উঠিও ৰৈ দিলো। এইয়া দেখোন জুমনৰ মাত। কিন্তু তাক মই তিনিআলিৰ আড্ডাস্থলীতে এৰি থৈ আহিছো। তেনেহলে সি ইয়াত কেনেকৈ হব?মাতটো হাবিডৰাৰ ফালৰ পৰায়ে আহিছে। মোৰ মনত পৰিল, আজি অমাৱস্যা নিশা, বতৰটোও গোমা, এনেকুৱা বতৰতে ভূতে এই আঁহতৰ তলৰ পৰা মানুহ ধৰি নিয়ে। কথাবোৰ ভাবি বুকুখন ঢককৈ উঠিল, তাৰপিছত জোৰেৰে চাইকেল চলাই দিলো ঘৰৰ ফালে। .......সমাপ্ত......

No comments:

Post a Comment