যন্ত্ৰনা( বৰ্ণালী শৰ্মা ) - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

যন্ত্ৰনা( বৰ্ণালী শৰ্মা )


মৌনতাৰ পৰিচয়েৰে
হৈ পৰিছো যন্ত্ৰনাশক্ত,
হৈ পৰিছো শব্দহীন যন্ত্ৰ,
মাথো তোমাৰ প্ৰয়োজনত
বুজা জানো তুমি মোৰ সেই যন্ত্ৰনা;
মই যে এক শব্দহীন যন্ত্ৰ;
নে ভাবিছা মই এক কলংকিত শব্দ,
ডেউকা মেলি উৰিব খুজো 
কোনো এখন পৃথিৱীত,
যেন এনেকুৱা লাগে 
মোৰ এই ডেউকা ভাঙি
পেলাই দিব কলংকিত কোনো এখন পৃথাৱীত ,
আজিকালি চকুপানী খিনিয়েও কব খোজে
তোমাৰ অনুপস্থিতিৰ দিনবোৰৰ কথা ,
কলংকৰ খাতিৰত লুকাব খোজো মোৰ চকুলো ,
কলংকিনী মই
এক শব্দ ।

No comments:

Post a Comment