চিৰঞ্জীৱ শঙ্কৰৰ কবিতা - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

চিৰঞ্জীৱ শঙ্কৰৰ কবিতা

দুখন ছবি
সৰুতে এখন ছবি আঁকিছিলো
এটি ঘৰ,দূৰৈত এখন পাহাৰ ,
কাষেৰে বৈ গৈছিল এখনি নৈ;
তাতে বেঁকা ৰেখাৰে ,
চকুৰে মনিব পৰাকৈ আঁকিছিলো,
উৰি যোৱা দুটি চৰাই ...............।
এতিয়া ডাঙৰ হৈ
আন এখন ছবি আঁকিছো
এটি ঘৰ,এখন আকাশ ,
এটি জোন ,অগণন তৰা ,
জোনালী পোহৰৰ মাজে মাজে
উৰি ফুৰিছো তুমি আৰু মই..........
এই ছবিখন আঁকিছো
মৰম আঁকলোৱা মোৰ বুকুৰ মাজত

No comments:

Post a Comment