পৰেশ আকাশৰ গল্প: পৰী - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পৰেশ আকাশৰ গল্প: পৰী

-EXCUSE ME
-হয় জনাব ।
-যদি বেয়া নাপায় তেন্তে…
-তেন্তে কি…
-(কিছু সময় নিমাত)
-কি ক’ব
বিছাৰিছে সোনকালে নকয় কিয়
। মোৰ ক্লাছলৈ যাব লাগে ।
:মানে কথাটো হ’ল
যদি বেয়া নোপোৱা তেন্তে তোমাৰ
নামটো ….
:অ সেইটো কথা । বেয়া নাপাওঁ
বাৰু কিন্তু কিয় লাগে আপোনাক
মোৰ নাম ?
:আজি বহুদিনৰপৰা তোমাক
দেখি আছোঁ যে সেয়ে তোমাৰ
নামটো জানিবৰ মন গল ।
বেলেগ কাৰণ একো নাই । ভয়
কৰিব নালাগে মই
সন্ত্ৰাসবাদী নহয় ।
:তাৰমানে আপুনি মোক
বহুদিনৰপৰা FOLLOW
কৰি আছে । কথাটো মই
আজিহে জানিলোঁ ।
:তুমি দেখিছোঁ চিৰিয়াচলী লৈ ল’লা ।
অলপ
ধেমালি কৰিলোঁ বেয়া নাপাবা দেই
ভণ্টী ।
:নামটো কম বাৰু কিন্তু
আজি নহয় ,দুদিনমান
অপেক্ষা কৰিব লাগিব ।
পাৰিবনে ?
:হব দিয়া ইয়াত
পৰা নোৱৰা কি কথা আছে ।
নকলেও আপত্তি নাই হেঃহেঃ …
:ঠিক আছে , এতিয়া বাই ।
ছোৱালীজনী গুছি গল ।মই
একে ঠাইতে শিলপৰা কপৌৰ
দৰে ৰ’ লাগি চাই ৰ’লো ।
ক্ৰমান্বয়ে তাই মোৰ চকুৰ
আগৰপৰা আতৰি যাব ধৰিলে ।আৰু
এটা সময়ত সম্পূৰ্ণ অদৃশ্য
হৈ পৰিল ।থাকি গ’ল
মাথো তাইৰ শৰীৰৰ পাহৰিব
নোৱৰা সৌৰভ ।
আজি শণিবাৰ ।হাতত
পিন্ধি থকা ঘৰীটোলৈ চালোঁ এক
বাজি পোন্ধৰ মিনিট গৈছে ।
মানে ছোৱালীজনী অহাৰ সময়
হৈছে ।বুকুখন
কিবা অনামী শিহৰণত ধৰফৰাব
ধৰিলে ।এটা সময়ত
ছোৱালীজনী আহিল ।
ময়ো কালিৰ
ঠাইডোখৰতে ৰৈ আছোঁ ।চকুত চকু
পৰিলত মিচিককৈ হাঁহি দিলে ।
মোৰ মনটো ভাল লাগি গ’ল ।
তাৰমানে আজিৰ দিনটো মোৰ
বাবে ভাল ।
তাইৰ হাঁহিটোৱেই এই কথা কয়
।যিমানেই তাই ওচৰ
চাপি আহিল
পুহমহীয়া ঠাণ্ডা যদিয়ো সিমানেই
মোৰ শৰীৰৰ উত্তাপ
বাঢ়ি আহিবলৈ ধৰিলে ।
অবশেষত তায়েই মাত লগালে ।
: কি হ’ল আজি একেবাৰে নিমাত
যে ।
:….
:অ’ হেল্ল’ ,মই
আপোনাকে কৈ আছোঁ ।
:আজি অলপ
গৰমটো বেছি যে সেয়ে কি কৰোঁ কি নকৰোঁ লাগিছে অ’
। খবৰ কি কোৱাচোন ।
:আজি মোৰ নামটো জানিবলৈ মন
যোৱা নাই নেকি ?
:গৈছে গৈছে ,কিয় নাযাব
হে মনহে ….
:তেন্তে শুনক ,মোৰ নাম হ’ল
পৰী ।
নামটো কৈ তাই তত্ক্ষণাত মোৰ
সন্মুখৰপৰা অদৃশ্য হৈ পৰিল ।মই
কিবা এটা কোৱাৰ সুযোগেই
নাপালোঁ ।
এনেকৈয়ে পৰীৰ লগত মোৰ
চিনাকি হৈছিল । তাইৰ
নীলা চকুযুৰিয়ে অজানিতে বহু
কথা কৈ যায় ।
কেতিয়াবা তাইক এটা অবুজ
সাঁথৰ যেন লাগে যাৰ অৰ্থ
ওৰে জীৱন বিছাৰিলেও
পোৱা নাযাব ছাগে ।
আজি প্ৰায় চাৰি-পাঁচমাহ
ধৰি তাই আমাৰ অফিচৰ
সন্মুখেদি অহা-
যোৱা কৰি আছে । প্ৰথম
অৱস্থাত মনটোক বুজাই ৰাখিব
পাৰিছিলোঁ কিন্তু
পাছলৈ অসম্ভৱ হৈ পৰিল ।
সেয়ে তাইৰ
স’তে চিনাকী হোৱাৰ প্ৰয়োজন
অনুভৱ কৰিলোঁ ।
লাহে-লাহে দিন বাগৰি গ’ল
শীতকাল শেষ হৈ গ্ৰী ষ্মকাল
আহিল কিন্তু আমাৰ মাজৰ দূৰত্ব
নাবাঢ়িল বৰঞ্চ কমিহে আহিল ।
আজিকালি তাইৰ ছবিটো মনৰ
দাপোনত
বেছিকৈ ভাঁহিবলৈ ধৰে ।
অফিচৰ সন্মুখেদি এদিন
নগ’লেই অৰ্থাত্ এদিন
নেদেখিলেই মোৰ বহুদিন
নেদেখাৰ দৰে অনুভৱ হয় ।
অফিচৰ আন কৰ্মীসকলে কয় মই
হেনো প্ৰেমত পৰিছোঁ ।
তাৰমানে মই তেওঁলোকৰ সন্মুখত
ধৰা পৰি গ’লোঁ । হয় হয় আজি মই
স্বীকাৰ নকৰি নোৱাৰোঁ যে মই
প্ৰেমত পৰিছোঁ ,পৰীৰ
প্ৰেমত ….

পৰী এজনী অত্যন্ত
ধুনীয়া ছোৱালী ।দুচকুত
কি মোহনীয়া যাদু । সমগ্ৰ
পৃথিৱীখনকে যেন মোহি পেলাব
।এবাৰ যদি কেনেবাকৈ তাইৰ
চকুলৈ চাই তেন্তে জানিব
যে আপুনি তাইৰ মায়াজালত
ভৰি দিলে ।সেয়ে চাগে মাক-
দেউতাকে তাইৰ নাম
পৰী ৰাখিছে ।
বৰষুণৰ বতৰ মানে মহানগৰীত
বৰ অশান্তিদায়ক পৰিবেশ । এই
দিনকেইটা নায়ায় নুপুৱায় ।
হাতত
পিন্ধি থকা ঘড়ীটোলৈ চালোঁ ৩
বাজি ১৫ মিনিট গৈছে ।
সন্মুখৰ পান দোকান এখনৰ
ফালে আগুৱাই গ'লো ।
-এটা গল্ড ফ্লেক দিব ।
সাধাৰণতে মোৰ ছিগাৰেট
পিয়া অভ্যাস নাই
যদিয়ো আজি মনটো সাউত্কৈ উৰি
গ'ল । নাজানো কিয় ।
-সৰুনে ডাঙৰ ।
-সৰু এটা আৰু ডাঙৰ এটা ।"
আজিকালি ছিগাৰেটৰো সৰু
ডাঙৰ ভাৰচ্যন থাকেনেকি অ' ।
থাকিবা পাৰে আমি দুবছৰত
এটা ছিগাৰেট
পিয়াবোৰে কিডাল জানিম ।
এতিয়া সময় হ'ল ছিগাৰেটৰ
ধোঁৱাৰ লগত অতীতৰ সমস্ত
ট্ৰেজেদিবোৰ উৰাই দিয়াৰ ।
তাকে কৰিবলৈ চেষ্টা কৰিলোঁ ।
যিকোনো কথা ভাবিবলৈ যিমান
সহজ
হাতে কামে কৰি দেখুৱাতো
সিমান সহজ নহয় ।
চৌদিশে এবাৰ চকু ফুৰালোঁ ।
ব্যস্ততা ,মাথোঁ ব্যস্ততা ।
কাৰো আহৰি নাই এবাৰ
উভতি চাবলৈ ।
অহা আহিছে ,যোৱা গৈছে ।
মুঠতে সকলোৰে নিজৰ নিজৰ
ধান্দা ।শেহত এহাল প্ৰেমিক-
প্ৰেমিকাৰ ওপৰত মোৰ
দৃষ্টি ৰৈ গ'ল ।ই
কি ৰাজহুৱা স্থানত চুম্বন ।
প্ৰেম
তেন্তে সঁচাকৈয়ে অন্ধনেকি ?
নে মানুহবোৰ অন্ধ ।
ধ্যুৰ ,এইবোৰ
ভাবি থাকিলে মোৰ
টেমাটোহে বেয়া হ'ব ।
হঠাত্ ফুনটো বাজি উঠিল ।চাই
দেখিলো স্ক্ৰীণত পৰীৰ
নামটো জিলিকি উঠিছে ।
যিমান
পাৰি কোমলকৈ কবলৈ চেষ্টা
কৰিলোঁ -হেল্ল' !
-কি খবৰ বিকাশদা ? ভালনে ?
-ভাল-ভাল ।বতৰটোহে সিমান
ভাল নহয় । তুমি কি কৰিছা ।
-বতৰৰ কথা বাদ দিয়াচোন
এতিয়া ।আজি এসপ্তাহ
মোলৈ কিয় ফুন কৰা নাই
সেইটো কোৱা ? কৰবাত নতুন
পোকে কামোৰা নাই তেও ।
-ধ্যেত্ কিয়
কথা কোৱাহে তুমি ।সৰগৰ পৰীৰ
ওচৰত কোনোবাই পাত্তা পাব
নেকি .। নে তুমি কি কোৱা ।
-এতিয়া তেল মাৰিব
নালাগে ঈশ্বৰ ।
একেবাৰে মেইন পইণ্টলৈ আহা ।
-কোৱাচোন কোৱা ।আজিৰ মেইন
পইণ্টটোবা কোনখিনিত ।
-বিকাশদা তুমি এটা কাম কৰিব
লাগে ।
প্ৰথমে কোৱা কৰিবানে নকৰা ?
-কি কাম জানি লেহে ক'ব
পাৰি কৰিব
পাৰিমনে নোৱাৰিম ।
তুমি কোৱাচোন ।কৰিব
পৰা হলে কৰিম নিশ্চয় ।
-তুমি নোৱাৰাৰ কোনো কাৰণেই
নাই ।মই জানো তুমি পাৰিবাই

-কোৱা তেন্তে.---
-মোক চাউথ
ইণ্ডিয়া শ্বপিং মললৈ লৈ
যোৱানা, প্লিজ ....
-শ্বপিং মল...
-ভয় খাব নালাগে অ
ধেমালিহে কৰিছোঁ .।
-ভয় আক' কিয় খাম ।তোমাক
দেখোন এতিয়ালৈকে দুবাৰ
লৈ গ'লোৱেই ।বাৰু বাদ
দিয়া সেইবোৰ , এতিয়া আচল
কথাটো কোৱাচোন ।
-শুনা তেন্তে । তোমাৰ কথা মই
মা-পাপাক ক'লো ।
-কি কলে পাপাই..
-ক'লে যে পাপাই তোমাৰ লগত
হেনো কথা পাতি চাব
বিছাৰিছে ।তাৰ পাছতহে কব
মই তোমাক
ভালপোৱাটো উচিতনে অনুচিত ।
এতিয়া কোৱাচোন
আহিবানে নাহা ।টেনশ্যন লব
নালাগে মই সদায় তোমাৰ
ওচৰতে আছোঁ আৰু থাকিম ।
-অ' কথা সেইটো । টেনশ্যন নলওঁ
। আজি সন্ধিয়াই যাম বাৰু ।
-Good boy Good boy my
darling
-এইখিনি আনন্দ মইহে পাব
লাগিছিলে পৰী ।
এদিনটো সকলোবোৰেই পাবা ।
বুজিলানে কথাটো ।
এতিয়া ৰাখোঁ দেই ।বাই ...
-বাই বাই ।(ক্ৰমশ:)

No comments:

Post a Comment