একমিনিটৰ গল্পঃ হত্যা - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

একমিনিটৰ গল্পঃ হত্যা

আজি প্ৰায় তিনিমান বজাত মই সাৰ
পাই গ’লো ।
বাহিৰলৈ আহি দেখোঁ
ফৰিংফুটা
। মনটো ভাল লাগি গ’ল ।
আগতে কোনোদিন এনে অনুভৱ
হোৱা নাছিল । কিয়নো
জীৱনত প্ৰথমবাৰৰ
বাবে আজিহে
নিশা তিনিবজাত
বিছনাৰপৰা উঠিছোঁ ।
কি মন গ’ল নাযানো
গেটখন
খুলি বাহিৰলৈ বুলি আগুৱাই
গ’লোঁ ।
সেমেকা বতাহ এজাকে সমগ্ৰ
শৰীৰ চুই গ’ল ।
আনন্দতে গুণগুণাই
গান গাবৰ মন গ’ল ।
আহি আহি মই প্ৰায় বিগ
বজাৰৰ
উচৰ পালোহি । আমাৰ ঘৰ আৰু
বিগবজাৰৰ দূৰত্ত্ব প্ৰায়
তিনি কিঃমিঃ মান হ’ব ।
এইবাৰ মই উভতি যোৱাৰ
কথা ভাবিলোঁ ।
ভবা মতেই কাম ।আৰম্ভ হ’ল
উভতনি যাত্ৰা ।
প্ৰায় দুই-তিনি মাইল মান
আহিছোঁহে
গুৰুমকৈ শব্দ এটা শুনিবলৈ
পালোঁ ।
বুকুৱেদি কিবা পাৰ
হৈ যোৱাৰ
দৰে অনুভৱ
হ’ল ।লগে-লগে
মই মাটিত বাগৰি পৰিলোঁ
তেজেৰে ঠাইখন ৰাঙলী হৈ
পৰিছে ।
ইফালে-
সিফালে চালোঁ যদিয়ো কাকো
নে
হঠাত্ কাৰোবাৰ খোজৰ শব্দ
শুনিবলৈ পালোঁ ।
চাই দেখোঁ মোৰ নতুন
প্ৰেয়সী ৰীমা

হাতত তাইৰ উদ্যত ৰিভলভাৰ

নিজকে বিশ্বাস কৰিব পৰা
নাই মই ।এয়া সপোননে
দিঠক ।
মই কিবা কোৱাৰ আগতে
তায়েই
ক’বলৈ ধৰিলে “জানো তুমি মোক
কোনোপধ্যেই ক্ষমা
কৰি দিব নোৱাৰা কাৰণ মই
তোমাৰ বিশ্বাসত আঘাত কৰি
ৰঙীন সপোনবোৰত তেজৰ ফাঁকু
সানিলো ,তথাপিয়ো
কৈছোঁ যে পাৰা যদি ক্ষমা
কৰি দিয়া মোক ।
কিন্তু কি কৰিম কোৱা
মই যে আন কাৰোবাৰ
চাবি দিয়া পুতলা ।
মোৰ জনম মৰন সিহঁতৰ
হাতৰ মুঠিত ।
তেজ-মঙহেৰে গঠিত মানুহ
হৈয়ো
তোমাৰ শত্ৰুৰদ্বাৰা
ধাতৱ যণ্ত্ৰৰ
দৰে পৰিচালিত
হ’লো ।
গতিকে মই নিজকে কেতিয়াও
ক্ষমা কৰিব নোৱাৰো ।
তোমাৰ
লগতে ময়ো মেলানি মাগিলোঁ
এই
পৃথিৱীৰপৰা
।” তাই ৰিভলভাৰটো
নিজৰ বুকুত ৰাখি
গুলি এৰি দিলে ।
তাইক মই বাধা দিব
নোৱাৰিলো কাৰণ
সেইকণ শক্তি মই
বহুসময় আগতেই
হেৰুৱাই পেলাইছোঁ ।
গতিকে এতিয়া মই
কেৱল নীৰৱ দৰ্শক ।
তাই আহি মোৰ ওপৰতে
পৰিলহি ।
বহু কষ্ট কৰি তাইৰ চকুলৈ
চাবলৈ চেষ্টা কৰিলো ।
শেষবাৰৰ বাবে ।
সপোনবোৰ চকুলোৰ
সতে বাহিৰলৈ ওলাই আহিছে ।
মোৰ চকুযুৰি ক্ৰমান্বয়ে
বন্ধ হৈ আহিছে বোধহয়
ৰীমাৰো ।
অন্ধকাৰ অন্ধকাৰ
অন্ধকাৰ ,
চিৰদিনৰ বাবে ।
মৰহি গল অজানিতে আশাৰ কলিবোৰ ।

No comments:

Post a Comment