প্ৰেম : এক অনুভৱ - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

প্ৰেম : এক অনুভৱ













অষ্টমমান শ্ৰেণীত
থাকোঁতে মই প্ৰেমত
পৰিছিলোঁ ।সংগীতাৰ প্ৰেমত ।
তাই সূদুৰ শিৱসাগৰৰ
ছোৱালী ।গণেশগুৰিৰ
মোমায়েকৰ ঘৰত
থাকি পঢ়িছিল

তাইৰ নীলা চকুযুৰিত কিবা এক
মোহনীয়া যাদু আছিল য'ত মই
নিজকে হেৰুৱাই পেলাইছিলোঁ ।
কোনোদিনে ছোৱালীৰ
চকুলৈ চাব নোৱাৰা মইহেন
ল'ৰাটো কেনেকৈ যে সংগীতাৰ
প্ৰেমত পাগল
হৈ গৈছিলো আজিয়ো বুজি নাপাওঁ
এটা কথা মই
ভালদৰে জানিছিলোঁ যে মোৰ
মা-দেউতায়ে আমাৰ
সম্পৰ্কটো সহজভাবে মানি ল'ব
নোৱাৰিব কাৰণ মই
হ'লো ব্ৰাক্ষ্মণ পৰিয়ালৰ
আৰু তাই হ'ল আহোম
পৰিয়ালৰ । তথাপিয়ো মই
তাইতেই পাগল । তাইয়েই যেন
জীৱনৰ সকলো । শীতৰ
সেমেকা আবেলি এটাত মই
প্ৰেমৰ প্ৰস্তাৱ
দিছিলোঁ তাইক ।
আকাশত
বেলিটোৱে লুকাভাকু খেলিছিল
সিদিনা ।মই ভাবিছিলোঁ তাই
মোক একেষাৰতে উত্তৰ দিব
ইয়েচ বুলি ।কিন্তু ভবাৰ
দৰে নহল ।আমাৰ ভৱিষ্যতৰ
কথা ভাবি তাই মোৰ প্ৰস্তাৱটো নাকচ কৰিব খুজিছিল ।কাৰণ মই হ'লো ব্ৰাক্ষ্মণ পৰিয়ালৰ আৰু তাই ...।শীতৰ সেমেকা বতাহৰ মাজতো ঘামি উঠিছিল তাই ।
।গালৰ ঘামবোৰ
মুকুতাৰ দৰে লাগিছিল
দেখিবলৈ ।আনহাতে মোৰ দুচকু
সেমেকি উঠিছিল বেদনাৰ
চকুলোৰে ।তাইক
বুজনি দিয়াটো দূৰৰে কথা নিজৰ
অবুজন মনটোক
বুজাবলৈয়ো ভাষা বিছাৰি পোৱ
নাছিলো ।বহুসময় পৰস্পৰে-
পৰস্পৰৰ চকুলৈ ৰ'
লাগি চাইছিলোঁ ।
নাজানো কিমান সময় ।
সেয়া অনুভৱ কৰাৰ ধৈৰ্য্য
নাছিল তেতিয়া ।আৰু
এটা সময়ত মই অহাৰ
বাটেৰে উভতি গৈছিলোঁ ।
তেতিয়া আকাশৰপৰা চিপচিপকৈ বৰষুণ নামিছিল ।

No comments:

Post a Comment